বৃদ্ধি পাইছে কৰ’নাৰ ‘আৰ ভেলু’, সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা, প্ৰতিষেধকেই একমাত্ৰ ভৰসাঃ এইমছ

EpMjf5tUcAI1upc

সম্ভাৱনীয় কৰ’নাৰ তৃতীয় ঢৌৰ উদ্বেগৰ বিষয়ে জনালে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ৰং প্ৰধান ৰণদীপ গুলেৰিয়াই । তেওঁ কয়, দেশত কৰ’নাৰ ‘আৰ ভেলু’ বৃদ্ধি পাইছে । এনে পৰিস্থিতিত টিকাকৰণেই একমাত্ৰ ভৰসা বুলিও তেওঁ কয় ।

সৰ্ব্বভাৰতীয় সংবাদ মাধ্যমৰ স’তে হোৱা এক সাক্ষাৎকাৰত গুলেৰিয়াই কয়, ‘কৰ’নাৰ আৰ ভেলু .৯৬ ৰ পৰা বৃদ্ধি হৈ এক হৈছে । এইটো চিন্তনীয় বিষয় । অৰ্থাৎ এজনৰ পৰা আনজন আক্ৰান্ত হোৱাৰ শংকা বাঢ়ি যায় । যি অঞ্চলত সংক্ৰমণ বৃদ্ধি পাইছে সেই অঞ্চলত নমুনা পৰীক্ষণ, সংক্ৰমণৰ উৎস সন্ধান আৰু চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব ।’

সম্প্ৰতি ভাৰতত সংক্ৰমণ বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে কৰ’নাৰ ডেল্টা ৰূপ । ডেল্টা ৰূপৰ ফলতে ভাৰতত তৃতীয় তৰংগ আহিব পাৰে বুলি শংকা কৰিছে বিশেষজ্ঞসকলে । এই প্ৰসংগত গুলেৰিয়াই কয়, ‘সৰু আই বা মাজু আইৰ আৰ ভেলু প্ৰায় আঠ । অৰ্থাৎ এজনৰ পৰা আঠজনৰ শৰীৰত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে । আমি দ্বিতীয় তৰংগত এজনৰ পৰা সম্পূৰ্ণ পৰিয়ালটোকে আক্ৰান্ত হোৱা দেখিছো । মাজু আইৰ ক্ষেত্ৰতো একেই হয় । ডেল্টা ৰূপত এজন আক্ৰান্ত হ’লে সম্পূৰ্ণ পৰিয়ালটোকে সংক্ৰমিত কৰাৰ ক্ষমতা আছে ।’

ভাৰতৰ বহু কেইখন ৰাজ্যত ছেৰ’ ছাৰ্ভেত পোৱা গৈছে যে এণ্টিবডীৰ পৰিমাণ বৃদ্ধি হৈছে । কিন্তু ইয়াক লৈ অধিক উৎফুল্লিত হৈ হ’ব নালাগে বুলিয়ে কয় গুলেৰিয়াই । তেওঁ কয়, ‘আমি দেখিছো যে কেৰালাত প্ৰথমে এণ্টিবডী বহু বেছি আছিল । কিন্তু সম্প্ৰতি ৰাজ্যখনত সংক্ৰমণ বৃদ্ধি পাইছে । কাৰণ, এটা সময়ৰ পাছত শৰীৰ এণ্টিবডীৰ পৰিমাণ আৰু ক্ষমতা দুটাই কমি আহে । ফলত প্ৰতিষেধকেই একমাত্ৰ ভৰসা । যথা সম্ভৱ সকলোকে দ্ৰুত প্ৰতিষেধক প্ৰদান কৰিব লাগে ।’ তেতিয়াহে ভাৰতত সংক্ৰমণ হ্ৰাস পাব বুলি মত প্ৰকাশ কৰে এইমছৰ প্ৰধানগৰাকীয়ে ।

Exit mobile version