শিল্পাৰ স্থান নলয় ৰবীনাই

shilpa2 700 ndtv

অশ্লীল ছবি নির্মাণৰ অভিযােগত সম্প্রতি গ্রেপ্তাৰ হৈছে তাৰকা অভিনেত্রী শিল্পা ছেট্ৰীৰ স্বামী। যাৰ বাবে নিজৰ মর্যাদাও বহুলাংশে হেৰুৱাইছে জনপ্রিয় অভিনেত্রীগৰাকীয়ে।

ইয়াৰ প্ৰভাৱ তেওঁৰ কেৰিয়াৰতাে পৰিছে। এটা ব্যক্তিগত চেনেলৰ নৃত্য বিষয়ক ৰিয়েলিটী শ্ব’ ‘ছুপাৰ ডান্সৰ ৪’ৰ বিচাৰকৰ ভূমিকাত আছিল শিল্পা। নতুন বিতৰ্কৰ পাছত অনুষ্ঠানটোৰ জনপ্রিয়তাত প্ৰভাৱ পৰাৰ আশংকাতে এতিয়া প্রযােজকে শিল্পাক আঁতৰাই আন কোনাে তাৰকাক বিচাৰকৰ আসনত বহুৱাব বিচাৰিছে।

এই ক্ষেত্ৰত প্রথমেই উচ্চাৰণ হৈছে আন এগৰাকী বলিউদৰ তাৰকা ৰবীনা টেণ্ডনৰ নাম। কিয়নাে ৰবীনায়াে পূর্বে এই ধৰণৰ অনুষ্ঠানত বিচাৰকৰ ভূমিকা পালন কৰিছিল আৰু তেওঁৰাে দৰ্শকৰ মাজত যথেষ্ট জনপ্রিয়তা আছে।

উল্লেখ্য যে স্বামী গ্রেপ্তাৰৰ পাছৰে পৰা শিল্পা ছুপাৰ ডান্সৰ ৪’ৰ চিত্ৰগ্ৰহণৰ পৰা বিৰত আছে। ইফালে, শিল্পাৰ পৰিৱৰ্তৰূপে বিচাৰকৰ আসনত বহাৰ প্রস্তাৱ নাকচ কৰিলে ৰবীনাই। সম্প্রতি তেওঁ ভাৰতৰ বাহিৰত আছে আৰু অহা সপ্তাহতহে ভাৰতলৈ উভতি আহিব।

অৱশ্যে সেয়া তেওঁৰ প্ৰস্তাৱ নাকচৰ কাৰণ নহয়। বৰঞ্চ একালৰ সহ নায়িকাৰ দুর্যোগৰ সময়ত কাষত থিয় দিয়াৰ বাবেহে তেওঁ এ প্রস্তাৱ নাকচ কৰিছে। এই সন্দৰ্ভত ৰবীনাই কয়, ‘শিল্পা ছেট্টী উক্ত অনুষ্ঠানৰ এক গুৰুত্বপূর্ণ অংগ আৰু আমি আশাকৰাে যে তেওঁ শীঘ্রেই ঘূৰি আহিব।

তেতিয়ালৈকে প্রয়ােজকে আন দুই বিচাৰক গীতা কাপুৰ আৰু অনুৰাগ বসুৰ স’তে বিশেষ অতিথিক বহুৱাই অনুষ্ঠানটো বিচাৰ কৰি থাকিব পাৰে।

Exit mobile version