৪১ বছৰৰ পাছত অলিম্পিকত পুনৰ ছেমি ফাইনেল খেলাৰ সুযোগ ভাৰতৰ

1627749596 hockey india

ভাৰতীয় হকী দলক লৈ টকিঅ’ অলিম্পিকত সপোন ৰচিছে সমৰ্থকসকলে । কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে খেলিব । গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰিলেই ছেমি ফাইনেল খেলিব পাৰিব মনপ্ৰীতৰ দলে । ৪১ বছৰৰ পাছত পুনৰ অলিম্পিকৰ ছেমি ফাইনেল খেলাৰ সুযোগ ভাৰতৰ হাতত ।

২০১৮ৰ কমনৱেলথ গেমছত ভাৰতে দুবাৰ গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে খেলিছে । গ্ৰুপ মেচত ব্ৰিটেইনক ৪-৩ ব্যৱধানত পৰাস্ত কৰিলেও ‌ব্ৰঞ্জৰ পদকৰ বাবে খেলা খেলখনত ১-২ ব্যৱধানত পৰাজিত হয় ভাৰতীয় হকী দল ।

সম্প্ৰতি বিশ্বৰ তিনি নম্বৰত আছে ভাৰতীয় হকী দল । ষষ্ঠ স্থানত আছে ব্ৰিটেইন । কোৱাৰ্টাৰ ফাইনেলৰ আগৰ পাঁচখন খেলৰ দুখন ড্ৰ হৈছে তেওঁলোকৰ । ১৯৮৮ৰ পাছত অলিম্পিকত হকীত পদক লাভ কৰা নাই ব্ৰিটেইনে । ২০১২ত লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰি পৰাজিত হয় তেওঁলোক ।অলিম্পিকত ১৯০ টা খেল জয় কৰিছে ভাৰতে ।

Exit mobile version