বছৰি দুই কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ২০১৪ত ক্ষমতাত আহিছিল নৰেন্দ্ৰ মোদী । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন ‘নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ (এনচিআৰবি)য়ে দিয়া তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালৰ প্ৰথম পৰ্যায়ত ২০১৬ৰ পৰা ২০১৯ৰ ভিতৰত দেশত নিবনুৱাৰ বাবে আত্মহত্যাৰ হাৰ ২৪ শতাংশ বৃদ্ধি পাইছে ।
এনচিআৰবিয়ে দিয়া তথ্য অনুসৰি, ২০১৬ত নিবনুৱাৰ বাবে দেশত ২,২৯৮ জনে আত্মহত্যা কৰিছিল । ২০১৯ত এই সংখ্যা বৃদ্ধি হৈ হয় ২,৮৫১ জন । মধ্যৱৰ্তী সময়ত ২০১৭ত ২,৪০৪ আৰু ২০১৮ত ২,৭৪১জন নিবনুৱাই আত্মহত্যা কৰিছে ।
২০১৯ৰ পৰিসংখ্যা অনুসৰি, নিবনুৱাৰ বাবে আত্মহত্যাৰ শীৰ্ষত আছে কৰ্ণাটক । এছৰত ৰাজ্যখনত ৫৫৩জনে আত্মহত্যা কৰিছে । পৰৱৰ্তী চাৰিটা স্থানত আছে মহাৰাষ্ট্ৰ (৪৫২), তামিলনাডু (২৫১), ঝাড়খণ্ড (২৩২) আৰু গুজৰাট (২১৯) । ২০১৯ত পশ্চিমবংগত ৪০ জন নিবনুৱাই আত্মহত্যা কৰিছে ।
ক’ভিড-১৯ সংক্ৰমণৰ পূৰ্বেই মোদীৰ শাসনকালত নিবনুৱাৰ হাৰ ৪৫ বছৰত সৰ্বোচ্চ আছিল । অতিমাৰী পৰিস্থিতিত আৰু অৱনতি হোৱা বুলি শংকা কৰা হৈছে । বিগত বৰ্ষত এনচিআৰবি জনাইছিল, এক দশকত আটাইতকৈ বেছি আত্মহত্যা কৰিছে দিন হাজিৰা কৰাসকলে । প্ৰসংগত, ১৯৯৫ৰ পৰা ৰাষ্ট্ৰীয় স্তৰত ‘দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যা’ৰ তথ্য একত্ৰিত কৰি প্ৰকাশ কৰা আৰম্ভ কৰে এনচিআৰবিয়ে ।