জানো আহক সৌন্দৰ্য্য চৰ্চাত চন্দনৰ বিভিন্ন উপকাৰিতা

★ছালৰ এলাৰ্জি হ্ৰাস কৰে

চন্দন কাঠে ছালৰ প্ৰ’টিনৰ স্তৰ বৃদ্ধি কৰে যাৰ ফলত ছালৰ যিকোনো এলাৰ্জি সুৰক্ষিত হয়। ইয়াৰ ফলত আপোনাৰ ছাল কোমল হয় আৰু ছালৰ ছিদ্ৰবোৰ শক্তিশালী হয়। সেইবাবে বহুলোকে চন্দন ফেচপেক বা টোনাৰত চন্দন কাঠ ব্যৱহাৰ কৰে।

★এণ্টিচেপ্টিক হিচাপে ব্যৱহৃত চন্দন

ADVERTISEMENT

চন্দনকাঠত এণ্টিচেপ্টিক উপাদান থাকে, যি ব্ৰণৰ দাগ আদি দূৰ কৰে। ধুলি আৰু লেতেৰাৰ পৰা ছালত যি বেক্টেৰিয়া বিকশিত হয়, তাৰপৰা পৰিত্রাণ পাবলৈ মুখত গাখীৰৰ স’তে চন্দনকাঠৰ গুৰি মিহলি কৰি ঘঁহিলে লাভান্বিত হ’ব পাৰে।

★ব্রণ আৰু ব্লেকহেড আঁতৰোৱাৰ বাবে

এক চামুচ চন্দন কাঠৰ তেলত এক চিমুটি হালধি আৰু কর্পূৰ যোগ দিয়ক আৰু এই পেকটো আপোনাৰ গোটেই মুখত লগাওঁক। ব্রণ, দাগ আৰু ব্লেকহেডৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াক ৰাতিটো ৰাখিব। ইয়াৰ উপৰিও, এক চামুচ চন্দন কাঠৰ গুৰি, এক চামুচ নাৰিকল তেল আৰু অলপ নেমুৰ ৰস মিহলি কৰক আৰু ইয়াক আপোনাৰ মুখত প্ৰয়োগ কৰক, আধা ঘণ্টাৰ পাছত কুহুমীয়া পানীৰে ধুই দিয়ক।

★ছাল কোমল কৰিবলৈ চন্দনৰ ব্যৱহাৰ

চন্দনকাঠৰ তেলেৰে আপোনাৰ মুখখন লাহে লাহে মালিচ কৰক আৰু ৰাতিপুৱা কুহুমীয়া পানীৰে ধুই দিয়ক।

★ৰ’দৰ দহনৰ বাবে

এচামুচ তিয়ঁহৰ ৰস, এক চামুচ দৈ, এক চামুচ মৌ, আৰু এক চামুচ চন্দন কাঠৰ গুৰি অলপ নেমুৰ ৰসত মিহলি কৰক আৰু ইয়াক ফেচ মাস্ক হিচাপে প্ৰয়োগ কৰক। প্ৰায় ১৫ মিনিটৰ বাবে ৰাখি থওক। এইটো সূৰ্যৰ প্রখৰ ৰ’দৰ দহন হ্ৰাস কৰাত সহায় কৰিব।

★ক’লা দাগ আঁতৰোৱা

নাৰিকল তেলৰ স’তে এক চামুচ চন্দন কাঠৰ গুৰি মিহলি কৰি ইয়াক মুখত মালিচ কৰিব লাগে অলপ সময় মালিচ কৰি ইয়াক গোটেই ৰাতি এনেদৰে থব আৰু ৰাতিপুৱা ধুই দিব ।এনেদৰে এই মিশ্ৰণ নিয়মীয়াকৈ ব্যৱহাৰ কৰাৰ লগে লগে ডাঠ দাগ হ্ৰাস হ’ব।

★তৈলাক্ত ছালৰ বাবে

গোলাপজলৰ কেইটোপালমানত চন্দনকাঠৰ গুৰি মিহলি কৰি এই মিশ্ৰণ মুখত প্ৰয়োগ কৰক। আধা ঘণ্টাৰ বাবে মুখত এনেদৰে থৈ ঠাণ্ডা পানীৰে ধুই দিয়ক।

Exit mobile version