লাফিকুল হত্যাকাণ্ড লৈ আজিও বিতৰ্ক অব্যাহত। কোন ৰাজনৈতিক দল জড়িত এই হত্যাকাণ্ডত ? লাফিকুল হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড নে আন কিবা ? আজি চিৰাং জিলা ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কাৰ্য্যালয়ত পৰিষদৰ সভাপতি আব্দুল আউৱাল মণ্ডলে স্পষ্ট ভাৱে অভিযোগ কৰি কয় যে লাফিকুল হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড তাত কোনো সন্দেহ নাই।
ইতিমধ্যে চিবি আইয়ে প্ৰকাশ কৰা তিনি হত্যাকাৰীৰ এজন ভদ্ৰেশ্বৰ বসুমতাৰীৰ পৰিয়ালে সেয়া স্পষ্ট কৰিছে বুলি কয় সভাপতিজনে। তেওঁ লগতে কয় যে ,লাফিকুল হত্যাকাণ্ডত বিপিএফ দল জড়িত আছিল গতিকে চিবিআইয়ে দলটোৰ শীৰ্ষ বিষয়াক জেৰাৰে প্ৰকৃত হত্যাকাৰী ওলিওৱাৰ দাবী জনায়।
কাৰণ লাফিকুল হত্যাকাণ্ডৰ সময়ত বিপিএফৰ মুৰ্ব্বী হাগ্ৰামা মহিলাৰী এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা আছিল বাবে বিগত চাৰিটা বছৰে লাফিকুলৰ হত্যাকাৰী ওলোৱা নাছিল বুলি কয় ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আউৱালে।
তেঁও লগতে এবিএমছুৰ সম্পাদক টাইচন হুচেইনকো সমালোচনা কৰি কয় যে হুচেইনৰ মন্তব্যই তদন্তকাৰী সংস্থাৰ তদন্তত ক্ষতি কৰিব গতিকে তেনে ধৰণৰ মন্তব্য নকৰিবলৈ সকিয়াই দিয়ে।