জোশীমঠত ভূমিস্খলন, বান পৰিস্থিতি নান প্ৰান্তত

1628126239 desh

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত গভীৰৰ পৰা অতি গভীৰ বৃষ্টিপাতৰ সন্মুখীন হৈছে দেশৰ মধ্য আৰু উত্তৰ-পশ্চিমৰ ৰাজ্যসমূহ । একাধিক স্থানত বান পৰিস্থিতিৰো সৃষ্টি হৈছে । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ ।

আজি উত্তৰাখণ্ডৰ চামোলি জিলাৰ জোশীমঠত জে পি জলবিদ্যুৎ প্ৰকল্পৰ কাষত প্ৰবল বৃষ্টিপাতৰ ফলত পাহাৰৰ একাংশ খহি পৰে । স্থানীয় লোক আতংকিত হয় যদিও, প্ৰশাসনে এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি জানিবলৈ দিয়ে ।

প্ৰসংগত, ২০১৭তো একেই স্থানতে ভূমিস্খলন হৈছিল । বুধবাৰে প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত জোশীমঠ-বদ্ৰিনাথ সংযোগী পথ বন্ধ হৈ পৰে ।

আনহাতে, কালি হিমাচলৰ চোলান জিলাত ভূমিস্খলনৰ ফলত ২২ বছৰীয়া এজন যুৱকৰ মৃত্যু হয় আৰু দুজন লোক গুৰুতৰভাৱে আহত । মৃত লালুৰাম উত্তৰপ্ৰদেশৰ বাসিন্দা । দুৰ্যোগ প্ৰশমন বিভাগে জনাইছে, ভূমিস্খলৰ ফলত নাহন-কুমাৰহট্টী ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপকভাৱে যানবাহন চলাচল ব্যাহত হৈছে ।

গভীৰ বৃষ্টিপাতত ক্ষতিগ্ৰস্ত মধ্যপ্ৰদেশ আৰু ৰাজস্থানো । প্ৰবল বানৰ ফলত দতিয়া জিলাৰ তিনিটা সেতু ভাঙি পৰিছে । আজি প্ৰবল জোৱাৰৰ ফলত সিন্ধু নদীৰ ওপৰৰ এটা সেতু ভাঙি পৰে । আন দুখন সেতু কালিয়ে ভাঙি পৰে ।

ৰাজস্থানটো বিগত দুদিনৰ প্ৰবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে । চম্বল নদীত পানী বঢ়াৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে মধ্যপ্ৰদেশতো । বিশেষকৈ ঝুকৰি আৰু ফতেহপুৰ অঞ্চলৰ বাসিন্দাসকলক নিৰাপদ স্থানত যোৱাৰ নিৰ্দেশ দিছে প্ৰশাসনে ।

Exit mobile version