বন বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে বিগত এসপ্তাহ ধৰি শয্যাগত এজন যুৱক

WhatsApp Image 2021 08 07 at 6.44.45 PM

বন বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে বিগত এসপ্তাহ ধৰি শয্যাগত অৱস্থাত আছে বাগসাৰ শালবাৰীৰ খাগ্ৰাবাৰীৰ খায়েৰ উদ্দিন নামৰ এজন যুৱক ৷ পৰিয়ালৰ লোকে যুৱকজনক কে’বাখনো চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰিছে যদিও উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ পৰামৰ্শ দিছে । কিন্তু পৰিয়ালৰ মূল উপাৰ্জনকাৰী শয্যাশায়ী হৈ পৰাত অৰ্থৰ অভাৱত বিমোৰত পৰিছে পৰিয়ালটোৱে ৷

উল্লেখ্য যে খায়েৰ উদ্দিনে শহুৰৰ ঘৰৰ পৰা আহি থকা অৱস্থাত বৰপেটা ৰোডৰ বন বিভাগৰ কাৰ্যালয়ৰ কাষতে থকা এডাল প্ৰকাণ্ড মৰা গছ বাগৰি গুৰুত্বৰভাৱে আহত হয় ৷ পৰিয়ালৰ অভিযোগ অনুসৰি উক্ত গছজোপা মৰি যোৱাৰ পাছতো কোনো ধৰণৰ ৱ্যৱস্থা গ্ৰহণ কৰা নাছিল বন বিভাগে ৷ যাৰ বাবেই খায়েৰ উদ্দিনে আজি শয্যাগত হৈ থাকিব লগা হৈছে ৷

ইতিমধ্যে পৰিয়ালৰ লোকে বৰপেটা জিলা উপায়ুক্ত তথা বন বিভাগক অভিযোগ দাখিল কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই । এতিয়া পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা ৷ মহামাৰী ক’ভিড-১৯ৰ বাবে চৰকাৰে দিয়া তলাবন্ধৰ ফলত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

এফালে চিকিৎসাৰ চিন্তা আনফালে দুবেলা দুমুঠিৰ চিন্তা ৷ পৰিয়ালটোৱে ঘটনাৰ উচিত তদন্ত কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ লগতে IFSC SBIN0015078 একাউণ্ট নম্বৰ 35957531820ত কিছু আৰ্থিক সহায় আগবঢ়াবলৈ সদাশয় ৰাইজক আহ্বান জনাইছে ৷

Exit mobile version