অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, এতিয়াৰে পৰা আন্তৰ্জাতিক সীমান্তৰ ২৫ কিলোমিটাৰ ব্যাসাৰ্ধত কোনো ধৰণৰ ড্ৰ’ন্ উৰাব নোৱাৰিব । নিয়ন্ত্ৰণ ৰেখা, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা, প্ৰকৃত ভূমি সীমা অঞ্চলক সামৰি আন্তৰ্জাতিক সীমান্তৰ ২৫ কিলোমিটাৰ আশে-পাশে ড্ৰ’নৰ উৰণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
ড্ৰ’নৰ ব্যৱহাৰৰ সন্দৰ্ভত অসামৰিক বিমান মন্ত্ৰণালয়ে নতুন নিয়মাৱলী যুগুত কৰিছে । ড্ৰ’নৰ পঞ্জীয়ন, মালিকানা, পৰিবহণ, চলাচল ব্যৱস্থাপনা, মাচুল আদায়, জৰিমনা আদি বিষয় এই নিয়মাৱলীত স্পষ্টভাৱে উল্লেখ কৰা হৈছে । দেশৰ যিকোনো নাগৰিকে ড্ৰ’ন্ ব্যৱহাৰৰ ক্ষেত্ৰত এইসমূহ নিয়ম মানি চলিব লাগিব ।
উল্লেখ্য যে জম্মু-কাশ্মীৰত বিগত কে’বামাহ ধৰি সন্দেহজনক ড্ৰ’নৰ মুক্ত বিচৰণ একাধিকবাৰ প্ৰত্যক্ষ হৈ আহিছে । সন্দেহজনক ড্ৰ’নৰ এনে গতি-বিধি নিৰীক্ষণত ৰাখিবলৈ অসামৰিক বিমান মন্ত্ৰণালয়ে কেতবোৰ নিয়ম নীতি প্ৰৱৰ্তন কৰিলে । এতিয়াৰে পৰা ২৫০ গ্ৰামতকৈ অধিক ওজনৰ ড্ৰ’নৰ উৰণৰ বাবে অনুজ্ঞাপত্ৰ আৰু প্ৰশিক্ষণ গ্ৰহণ কৰাটো বাধ্যতামূলক হ’ব ।
অনুজ্ঞাপত্ৰ আৰু প্ৰশিক্ষণ অবিহনে ২৫০ গ্ৰামতকৈ অধিক ওজনৰ ড্ৰ’ন উৰালে ২৫ হেজাৰ টকালৈকে জৰিমনা বিহা হ’ব ।






























