Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Indigo Flight :শনিবাৰেও অচল ইণ্ডিগ’ৰ বিমান সেৱা, কে’বা শতাধিক বিমান উৰণ বাতিল

দিল্লী বিমান বন্দৰত আৱদ্ধ গুৱাহাটী অভিমুখী যাত্রী, গুৱাহাটী বিমান বন্দৰতো ৩২খন বিমানৰ উৰণ বাতিল,যাত্ৰী মাজত হাহাকাৰময় পৰিস্থিতি অব্যাহত

publisher by publisher
December 6, 2025
in National
Reading Time: 1 min read
0
Indigo Flight :শনিবাৰেও অচল ইণ্ডিগ’ৰ বিমান সেৱা, কে’বা শতাধিক বিমান উৰণ বাতিল
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড় বিমানবন্দৰত ঘণ কুঁৱলীৰ বাবে অথন্তৰ !

কুঁৱলী কম্বলেৰে আৱৰিছে উত্তৰ আৰু পূর্ব ভাৰত!

Indigo:ইণ্ডিগ’ৰ পুনৰ ছয় শতাধিক বিমান বাতিল, জবাবদিহি কোন হ’ব ছদিনে নহ’ল স্পষ্ট

Indigo Flight :

শনিবাৰেও অচল ইণ্ডিগ’ৰ বিমান সেৱা ৷ কে’বা শতাধিক বিমান উৰণ বাতিল ৷ দিল্লী বিমান বন্দৰত আৱদ্ধ গুৱাহাটী অভিমুখী যাত্রী ৷ একেদৰে গুৱাহাটী বিমান বন্দৰতো ৩২ খন বিমানৰ উৰণ বাতিল ৷ আনহাতে কে’বা টাও আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ইণ্ডিগ’ৰ বিমান উৰণ বাতিল কৰা হৈছে ৷ সেই অনুসৰি মুম্বাইত ১০৯ খন বিমান ,আহমেদাবাদত ১৯ খন বিমান , জয়পুৰত বাতিল ৬ খন বিমান আৰু চণ্ডীগড়ত ১০খন ইণ্ডিগ’ বিমান উৰণ বাতিল কৰি হৈছে ৷ ইয়াকে লৈ দেশজুৰি যাত্ৰীৰ মাজত অব্যাহত আছে হাহাকাৰময় পৰিস্থিতি ।

ADVERTISEMENT

উল্লেখ্য যে বৃহৎ বিপৰ্যয়ৰ মুখত পৰিছে দেশৰ সৰ্ববৃহৎ বিমান সেৱা সংস্থা ইন্ডিগ’। বিগত তিনিদিন ধৰি শ শ বিমানৰ যাত্রা বাতিলৰ ফলত অবর্ণনীয় দুর্যোগৰ সম্মুখীন হৈছে যাত্রীসকল। হেজাৰ হেজাৰ বিমান যাত্রীয়ে এনে দুর্ভোগৰ সম্মুখীন হ’বলগীয়া হোৱাত বিমান সংস্থাটো তীব্র সমালোচনাৰ সম্মুখীন হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈও প্রশ্ন উত্থাপন হৈছে। ইতিমধ্যে ইণ্ডিগ’ৰ এই বিপৰ্যয়ক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে কেন্দ্রীয় চৰকাৰে। ইণ্ডিগ’ক জবাবদিহিও কৰিছে চৰকাৰে।

ইন্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া পীটাৰ এলবাছে কালি এহেজাৰৰো অধিক বিমান সেৱা বাতিলৰ পাছত ৰাজহুৱা ক্ষমা বিচাৰি বাৰ্তা প্ৰেৰণ কৰে। বিগত দিনকেইটাৰ ভিতৰত শুকুৰবাৰে সর্বাধিক সংখ্যক বিমানৰ যাত্ৰা বাতিল কৰিবলগীয়া হৈছে ইণ্ডিগ’ই। ইণ্ডিগ’ৰ দৈনিক চলাচল কৰা বিমানৰ তুলনাত অর্ধেকৰো অধিক  বাতিল কৰা হয় বুলি এলবার্হে বিবৃতিত কয়। তেওঁ কয় যে শনিবাৰেও এই সংকট অব্যাহত থাকিব যদিও আজিতকৈ কম সংখ্যক বিমান বাতিল হ’ব বুলি সংস্থাটোৱে আশা কৰে। অহা দুই-এদিনত পৰিস্থিতি স্বাভাৱিক হোৱাৰ সম্ভাবনা নাই।

এলবাৰ্ছে কয়, ‘অহা ১০ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত সম্পূর্ণ স্বাভাবিক অৱস্থা উভতিব বুলি আশা কৰিব পাৰি।’ পৰিসংখ্যা অনুসৰি এদিনত ইণ্ডিগ’ৰ ঘৰুৱা আৰু আন্তর্জাতিক প্রায় ১৩শ বিমান চলাচল কৰে। বিমান বিলম্ব আৰু বাতিল হোৱাত সৃষ্টি হোৱা অসুবিধাৰ বাবে তেওঁ ক্ষমা বিচাৰি কয় যে বিভিন্ন কাৰকৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্রীয় চৰকাৰৰ শেহতীয়া এক নির্দেশনা অনুসৰি, প্রতি সপ্তাহত পাইলট আৰু বিমানকর্মীসকলক ৪৮ ঘণ্টা বিশ্রামৰ সময় দিব লাগিব। ইয়াকে লৈ মূলতঃ বিপর্যয়ৰ সম্মুখীন হোৱা বুলি কোৱা হৈছে। ইণ্ডিগ’ই কয় যে এই বৃহৎসংখ্যক বিমান বাতিলৰ আঁৰত আছে ভুল সিদ্ধান্ত আৰু পৰিকল্পনাগত ত্রুটি।

তথ্য অনুসৰি কালি দিল্লীৰ বিমান বন্দৰতে ১৭২খন বিমান বাতিল কৰা হয়। এই পৰিসংখ্যা মুম্বাইত এশখন আৰু বাংগালুৰুত ৭৫খন। যোৱা নিশা প্রায় ১১ বজাত সামাজিক মাধ্যমত ইণ্ডিগ’ কর্তৃপক্ষই এটা প’ষ্টযোগে অব্যৱস্থাপনাৰ বাবে ক্ষমা বিচৰাৰ লগতে সদৰী কৰে যে বিমান সেৱা স্বাভাবিক কৰাৰ বাবে ইণ্ডিগ’ই দেশৰ অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্রধান (ডিজিচিএ) আৰু সংশ্লিষ্ট অন্যান্য সংস্থাসমূহৰ স’তে যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে। ইপিনে, যোৱা পৰহি অর্থাৎ বুধবাৰে ইন্ডিগ’ৰ দুশৰো অধিক বিমান বাতিল হোৱাৰ ফলত দিল্লী, মুম্বাই, বাংগালুৰুৰ দৰে দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিমান বন্দৰত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় যাত্রীসকল। তথ্য অনুসৰি, নৱেম্বৰত মুঠ ১.২৩২খন বিমান ইণ্ডিগ’ই বাতিল কবে।

আনহাতে কিহৰ বাবে বিশৃংখল পৰিস্থিতিৰ সৃষ্টিহ’ল তাৰ বিতং অনুসন্ধান কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ নির্দেশ দিয়ে কেন্দ্রীয় চৰকাৰে। অসামৰিক বিমান পৰিবহণ মন্ত্রী ৰামমোহন নাইডুৱে এই নির্দেশ দিছে। বিবৃতি অনুসৰি, ইণ্ডিগ’ৰ বিপৰ্যয়ৰ কাৰণ অনুসন্ধানৰ প্ৰয়োজন আছে। সেয়েহে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু পৰিস্থিতিৰ বাবে দায়ী কোন সেয়া চিনাক্ত হ’ব লাগিব। অসামৰিক বিমান পৰিবহণ মন্ত্রীয়ে কি ভুলৰ বাবে পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া পুংখানুপুংখ তদন্তৰ নির্দেশ দিছে। ভবিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয়, সেয়া নিশ্চিত কৰিবলৈ তদন্তত কোৱা হৈছে। বিবৃতিত প্রকাশ, ‘ভাৰত চৰকাৰে ইণ্ডিগ’ৰ বিপৰ্যয়ৰ বাবে উচ্চ পর্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ইণ্ডিগ’ৰ কি কি ভুল হৈছে সেয়া বিতং পৰীক্ষা কৰিব লাগিব। প্রয়োজন হ’লে কর্তৃপক্ষক জবাবদিহি কৰিব লাগিব। যাত্রীসকলে যাতে ভবিষ্যতে এনে অসুবিধাৰ সম্মুখীন নহয়, সেয়া নিশ্চিত কৰাটোৱে চৰকাৰৰ অগ্রাধিকাৰ।’ তদুপৰি কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰে যে বিমান সংস্থাসমূহক বিশেষকৈ ইণ্ডিগ’ক পৰিসেৱা স্বাভাবিক কৰিবলৈ আৰু যাত্রীৰ সুবিধাৰ কথা লক্ষ্য ৰাখি তাৎক্ষণিক ব্যবস্থা গ্রহণৰ নির্দেশ দিয়া হৈছে। চৰকাৰে এটা নিয়ন্ত্রণ কক্ষও স্থাপন কৰিছে। ইপিনে, পৰিস্থিতি চম্ভালিবলৈ তৎপৰ হোৱা দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্রী নাইডুৱে মন্ত্রণালয়ৰ বিষয়া আৰু ইণ্ডিগ’ৰ বিষয়ববীয়াৰ স’তে আলোচনাত মিলিত হয়।

ইন্ডিগ’ৰ বিমান পৰিসেৱা ব্যাহত হোৱা বাবে ডিজিচিএৰ এটা বিধিক দায়ী কৰা হৈছে। বিমান পৰিসেৱাত নিৰাপত্তাক অধিক শক্তিশালী কৰিবলৈ ২০২৪ৰ জানুৱাৰীত পাইলট আৰু বিমান কর্মীসকলৰ বাবে কামৰ সময় আৰু বিধি নির্দিষ্ট কৰিছিল ডিজিচিএই। বিমানৰ কৰ্মসময় নির্ধাৰণ কৰি দিয়া এই বিধিত কোৱা হৈছিল যে প্রতি সপ্তাহত পাইলট আৰু বিমান কর্মীসকলৰ জিৰণিৰ বাবে ৪৮ ঘণ্টা সময় দিব লাগিব। প্রতি সপ্তাহত মাত্র দুখন বিমান নিশা অৱতৰণ কৰাব পাৰিব এজন পাইলটে। পূর্বতে এই সংখ্যা আছিল ছয়। তদুপৰি এই বিধিত কোৱা হয় যে পাইলট আৰু বিমান কর্মীসকলক একেৰাহে দুদিন নৈশ কর্তব্যত নিয়োজিত কৰিব পাৰিব সপ্তাহত মাত্র এবাৰ। ২০২৪ৰ জুনত এই বিধি কাৰ্যকৰী কৰাৰ কথা আছিল যদিও বিমান সংস্থাসমূহৰ অনুৰোধত সেয়া বাৰম্বাৰ পিছুৱাই যায়। সম্প্রতি নতুন বিধি কার্যকৰী কৰাৰ বাবে ডিজিচিএক দিল্লী উচ্চ ন্যায়ালয়ে এক নির্দেশ দিয়ে। জুন আৰু নৱেম্বৰত দুটা পৰ্যায়ত নির্দেশিকাত থকা নিয়মাৱলী কাৰ্যকৰী কৰিবলৈ লয় কেন্দ্রীয় সংস্থাই।

উল্লেখ কৰিব পাৰি যে ইন্ডিগ’ই তুলনামূলকভাবে সস্তাত বিমানসেৱা প্রদান কৰে। পৰিসেৱাৰ সংখ্যাত এয়াৰ ইণ্ডিয়াৰ তুলনাত বহু আগত আছে ইন্ডিগ’। দেশৰ ১০ টা আৰু বিদেশৰ ৪৫টা বিমান বন্দৰত ইণ্ডিগ’ৰ বিমান চলাচল কৰে। সংস্থাটোৰ বহু বিমান নিশা অৱতৰণ কৰা বাবে নতুন বিধিত সর্বাধিক জটিলতাৰ সম্মুখীন হৈছে সংস্থাটো। বিধি অনুসৰি, পৰিসেৱা স্বাভাৱিক কৰি ৰাখিবলৈ যিমানসংখ্যক পাইলট আৰু কৰ্মীৰ পয়োজন সেয়া বৰ্তমান ইণ্ডিগ’ৰ নাই। এই কথা স্বীকাৰো কৰিছে সংস্থাটোৱে। ইপিনে, পাইলটসকলৰ সংগঠন ‘ফেডাৰেছন অৱ ইণ্ডিয়ান পাইলট’ৰ অভিযোগ অনুসৰি, ডিজিচিএই নতুন নিয়মাৱলীৰ জাননী দিয়াৰ পাছত প্রায় দুবছৰ সময় পাৰ হ’ল। অন্য বিমান সংস্থাসমূহে সেই অনুযায়ী প্রস্তুতিও লৈছে। কিন্তু ইন্ডিগ’ই দীর্ঘসময় ধৰি নতুন পাইলট আৰু বিমান কর্মী নিয়োগ কৰা নাই বুলি অভিযোগ কৰে। সংগঠনটোৰ অভিযোগ অনুসৰি, নতুন বিধি কাৰ্যকৰী হ’ব বুলি জানিও দীর্ঘম্যাদী কোনো পৰিকল্পনা গ্রহণ কৰা নাই ইণ্ডিগ’। পৰিবর্তে বহুদিন ধবি নিয়োগ প্রক্রিয়া বন্ধ কৰি থৈছে। পাইলটৰ আন এক সংগঠন ‘দ্য এয়াৰলাইনছ পাইলট এছ’চিয়েছন’ৰ দাবী অনুসৰি, বিধি শিথিল কৰিবলৈ কেন্দ্রক বাধ্য কৰাৰ কৌশল লৈছে ইণ্ডিগ’ই। যাৰ বাবে বিমান সেবা ব্যাহত হ’লেও কোনো কার্যকৰী পদক্ষেপ গ্রহণ কৰা নাই বুলি দাবী সংগঠনটোৰ। সূত্ৰত প্রকাশ যে ডিজিচিএ সংশোধিত বিধি অনুযায়ী এজন বিমান কর্মীয়ে দিনে আঠ ঘণ্টা, সপ্তাহত ৩৫ ঘণ্টা মাহত ১২৫ ঘণ্টা আৰু বছৰত এহেজাৰ ঘণ্টা কাম কৰিব লাগে এই নিয়মৰ বাবে সংস্থাৰ কৰ্মীৰ সংখ্যাত হেঁচা পৰিছে। যাত্রীৰ ভিৰ বৃদ্ধি পোৱাত অতিৰিক্ত চাপো গ্রহণ কৰিবলগীয়া হৈছে কর্তব্যৰত কৰ্মীয়ে। সেয়ে পর্যাপ্ত কর্মীৰ অভাৱত বিমান যাত্রা বাতিল হৈছে।

ইপিনে, এই পৰিস্থিতিত বেচৰকাৰী বিমান সংস্থাটোক বেহাই দিলে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ডিজিচিএই। এই মর্মে পুৰণি নির্দেশিকাত উল্লিখিত কে’বাটাও বিধি নিষেধ শিথিল কৰা হয়। পূৰ্বৰ শ্রম বিধিত কোৱা হৈছিল যে পাইলট অর্থাৎ বিমান চালকসকলে লেবা ছুটীত সাপ্তাহিক জিৰণিৰ নির্দিষ্ট সময়সীমাৰ অন্তর্ভুক্ত কৰিব নোৱাৰিব। এই নিয়ম এতিয়া শিথিল কৰা হৈছে। সূত্ৰত প্রকাশ যে পাইলটৰ ছুটীৰ সময়সীমাও ৪৮ ঘণ্টাৰ ভিতৰত অন্তর্ভুক্ত কৰিব পৰা যাব বুলি নিয়ম শিথিল কৰিলে কেন্দ্রই। একেদৰে নৈশ কর্তব্যৰ বিধিও শিথিল কৰে।

ইন্ডিগ’ই বিমান সেৱা সম্পূর্ণ স্বাভাবিক কৰিবলৈ ১০ ফেব্রুৱাৰী পর্যন্ত সময় বিচাৰিছিল। পৰিস্থিতি চম্ভালিবলৈ কেন্দ্রীয় মন্ত্রীয়ে নিজেই সক্রিয় হ’লেও বিগত দিনকেইটাত পৰিস্থিতি শোচনীয় হোৱাৰ পাছতো কিয় সক্রিয় হোৱা নাছিল বুলি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্রশ্ন উঠিছে। নিয়ম মনা বাবে ইণ্ডিগ’ক কিয় হেঁচা প্রয়োগ কৰা হোৱা নাই সেই প্রশ্নও উঠিছে। পৰিবৰ্তে কেন্দ্রই বিধি শিথিল কৰি ইণ্ডিগ’ৰ চাপৰ ওচৰত নতি স্বীকাৰ কৰিলে I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DGCAFlight CancelledIndigo FlightMinistry of Civil Aviation
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d