বাগসা জিলাৰ শালবাৰীত আজি আকস্মিকভাৱে উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো । উপস্থিত হৈ বড়োৱে শালবাৰীৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাইজৰ লগত মত বিনিময় কৰে ৷ বিটিআৰ প্ৰধানগৰাকীয়ে ৰাইজৰ স’তে মত বিনিময় কৰি শালবাৰী মহকুমাৰ বিভিন্ন সমস্যা সমাধানৰ বাবে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷
উল্লেখ্য যে শালবাৰীত এটা ভাল ষ্টেডিয়ামৰ দাবী কৰাৰ লগতে শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাৰ দুটা অতিৰিক্ত কোঠাৰ প্ৰয়োজন বাবে বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বড়োৱে কোঠা দুটিৰ ব্যৱস্থা কৰি দিয়ে । লগতে তেওঁ অহা বিত্তীয় বৰ্ষৰ পৰা বেঁকী নৈৰ খহনীয়া বিজ্ঞান সন্মতভাৱে প্ৰতিৰোধ কৰা হ’ব বুলিও কয় ৷ প্ৰসংগক্ৰমে তেওঁ ৩০ বছৰে সমাধান নোহোৱা উগ্ৰপন্থী সমস্যা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে সমাধান কৰিবলৈ সক্ষম হয় বুলিও কয় ৷
তেওঁ কয়, ‘অশান্তি জৰ্জৰ বিটিআৰত শান্তি ঘূৰি আহিছে মানে উন্নয়নৰ গতিও ত্বৰান্বিত হ’বলৈ গৈ আছে ৷ অতি শীঘ্ৰে টেট উত্তীৰ্ণ সকললৈ সুখবৰ আহিব ৷ হাইস্কুল টেট উত্তীৰ্ণসকলক শীঘ্রেই নিখুঁতভাৱে নিযুক্তি প্ৰদান কৰা হ’ব আৰু ইয়াৰ পাছতেই এলপি, এমইৰ টেট উত্তীর্ণসকলৰ মাজতো নিযুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব । এই নিযুক্তি প্ৰক্ৰিয়াৰ পাছতে বিটিআৰত পুনৰ নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত হ’ব ৷’
কৃষক আৰু নিবনুৱাসকলৰ বাবেও বিটিআৰ চৰকাৰে নতুন নতুন আঁচনি ৰূপায়ণ কৰিব বুলি আশ্বাস প্ৰদান কৰি শালবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়নৰ বাবে চেষ্টাৰ ত্ৰুটি কৰা নহ’ব বুলি কৈ শালবাৰীক উন্নয়ন কৰাৰ যথেষ্ট সুবিধা আছে বুলিও কয় ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক কে’বাগৰাকীও দলীয় নেতা-কৰ্মীয়ে সংগ দিয়ে।































