বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলাত যোৱা নিশা এটা ছাগলীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণী মতে জামাল উদ্দিনৰ ধান খেতিত একেখন গাঁৱৰে ছাইদুল ইছলাম নামৰ ব্যক্তিজনে সদায় ছাগলী মেলি দি ধান খেতি অনিষ্ট কৰাৰ বাবে ইয়াৰ পূৰ্বেও কে’বাদিনো আপত্তি কৰাৰ লগতে ছাগলী এৰাল দি ৰাখিবলৈ কৈ আহিছিল । তৎস্বত্তেও ছাইদুল ইছলামে ছাগলী এৰাল নিদি ধান খেতি ছাগলী দি অনিষ্ট কৰি অহাৰ বাবে আজি খেতিৰ পৰা ছাগলী ধৰি আনি ঘৰত বান্ধি ৰাখে ।
তাৰে খঙত অগ্নি শৰ্মা হৈ ছাইদুল ইছলামে জামাল উদ্দিন আৰু তেওঁৰ পৰিয়ালৰ লগত তৰ্কত লিপ্ত হয় । তাতে ক্ষান্ত নাথাকি ছাইদুলে তেওঁৰ বংশ-পৰিয়ালৰ লোকক মাতি আনি জামাল উদ্দিন, আব্দুছ ছাত্তাৰ, জাহাংগিৰ আলম, হেলমিনা খাতুন আৰু জোনালীক ডেগাৰ, ৰড, লাঠি, জোঙেৰে প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰে তিনিজনক হাস্পতালত লৈ যোৱা হৈছে যদিও জামাল উদ্দিনৰ অৱস্থা সংকটজনক ।
ছাইদুল , আব্দুল হাই, ইছুব আলী, মহিবুৰ ৰহমান, আমজাদ হুছেইন, আব্দুছ ছালাম আৰু ছলেমান আলীয়ে অনাধিকাৰে জামাল উদ্দিনৰ ঘৰত নিশা প্ৰবেশ কৰি এই মাৰপিট কৰা বুলি জনাইছে । ঘটনা সন্দৰ্ভত উপৰোক্ত ব্যক্তি কেইজনৰ বিৰুদ্ধে ভোক্তভোগী পৰিয়ালে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।





























