অলিম্পিকৰ সিপাৰে চমক সৃষ্টি শতায়ু গৰকা বৃদ্ধাৰ

এশ বছৰত পেছাদাৰী ভাৰত্তোলনত গঢ়িলে বিশ্ব অভিলেখ

oldest powerlifter

মীৰাবাঈ চানুকে ধৰি বিশ্বৰ বহুতাে ভাৰােত্তোলকে জাপানৰ টকিঅত পদক জয়েৰে নিজৰ দেশক গৌৰৱান্বিত কৰিছে। তেনে সময়তে বিশ্বৰ আন এটা প্ৰান্তত চমক সৃষ্টি কৰিলে এগৰাকী শতায়ু গৰকা বৃদ্ধাই।

বয়সৰ ভাৰক একাষৰীয়াকৈ থৈ ভাৰােত্তোলনৰ জৰিয়তে গীণিছ বিশ্ব অভিলেখত নাম সন্নিবিষ্ট কৰিলে এশ বছৰীয়া এডিথ মূৰৱে’-ট্রাইনা নামৰ বৃদ্ধাগৰাকীয়ে। পৰিগণিত হ’ল বিশ্বৰ সবাতােকৈ বয়সস্থ পেছাদাৰী ভাৰােত্তোলকত।

জীৱনৰ এশটা বসন্ত অতিক্রম কৰাটো কম কথা নহয়। ইয়াৰ ছাপ ফ্ল’ৰিডা নিবাসী শতায়ু গৰকা বৃদ্ধাৰ শৰীৰতাে পৰিছে। ভাঁজ পৰিছে গাৰ ছালত। কান্ধ সামান্য সন্মুখৰ ফালে হাউলি পৰিছে।

তৎসত্ত্বেও ইচ্ছাশক্তিত তিলমাণাে পৰিৱৰ্তন হােৱা নাই। এসময়ত নৃত্যৰ শিক্ষয়িত্ৰী আছিল এডিথ। ৯১ বছৰ বয়সত তেওঁ প্রথমে ভাৰােত্তোলন আৰম্ভ কৰে। বন্ধু কাৰমেন গাটৱৰ্থৰ আমন্ত্রণত এডিথ এদিন তেওঁৰ জিমলৈ গৈছিল।

তেতিয়াই অন্যান্য ভাৰােত্তোলকক দেখি তেওঁৰ মনত আকর্ষণ সৃষ্টি হয়।বাকীসকলে যদি পাৰে, তেওঁ কিয় নােৱাৰিব ? এই প্রশ্নটোৱেই জাগিছিল এডিথৰ মনত। সেই প্রশ্নৰ উত্তৰ নিজেই নিজক দিয়াৰ বাবেই ৯১ বছৰীয়া বৃদ্ধাই ভাৰােত্তোলন আৰম্ভ কৰে।

প্রথম অৱস্থাত সামান্য সমস্যা হৈছিল, কিন্তু লাহে লাহে স্বাভাৱিক হৈ আহে আৰু এটা সময়ত ওজন দঙাটো এডিথৰ অভ্যাসত পৰিণত হয়। এতিয়া এশ বছৰ বয়সতাে এডিথে প্রায় ৬০ কিলােগ্রাম ওজন দাঙিব পাৰে।

ইয়াৰ বাবে বিভিন্ন প্রতিযােগিতাত তেওঁ পুৰস্কাৰাে লাভ কৰিছে। এইবাৰ তেওঁ ‘গীণিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’তাে নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হ’ল। ভাৰতে মীৰাবাঈ চানুৰ অলিম্পিক পদক জয়ৰ আনন্দ উদযাপন কৰাৰ সময়তে এডিথ পগিণিত হ’ল বিশ্বৰ সবাতােকৈ বয়সীয়া পেছাদাৰী ভাৰােত্তোলকত।

এই কৃতিত্বত এডিথ যিমান আনন্দিত, তাতকৈ অধিক আনন্দ পাইছে তেওঁৰ বন্ধু তথা প্রশিক্ষক কাৰমেনে। ইফালে, অভিলেখৰ পাছতাে থমকি ৰব খােজা নাই শতায়ু এডিথ। এতিয়া তেওঁৰ লক্ষ্য হৈছে অধিক ওজন দঙা।

Exit mobile version