ইনষ্টাগ্ৰামত কৰিব নোৱাৰিব ট্ৰল,আক্ৰমণাত্মক মন্তব্য ,নতুন সুবিধা আনিলে কৰ্তৃপক্ষই

instagram reuters full 1558414901140

জনপ্ৰিয় সামাজিক মাধ্যমৰ এপ ইনষ্টাগ্ৰামত ট্ৰলিং কৰা বা আক্ৰমণাত্মক মন্তব্য প্ৰতিহত কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে কৰ্তৃপক্ষই । নতুন সুবিধা লৈ আহিছে কোম্পানীটোৱে । এই বাৰৰ পৰা আৰু কোনো ভুৱা একাউন্টত সৃষ্টি কৰি কাকো হাৰাশাস্তি কৰিব নোৱাৰিব বুলি জনাইছে ইনষ্টাগ্ৰামে ।

কোম্পানীটোৰ এক বিবৃতিত কোৱা হৈছে, “ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলক সুৰক্ষিত অনুভৱ কৰাটো আমাৰ দায়িত্ব। আমি কোনো ধৰণে , আক্ৰমণাত্মক মন্তব্য আৰু হাৰাশাস্তি সহ্য নকৰোঁ। এনেকুৱা কৰিলে একাউণ্টটো বিলোপ কৰা হ’ব।

ব্যৱহাৰকাৰীসকলক সুৰক্ষা দিবলৈ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰণ কৰি আমি নতুন সুবিধা লৈ আহিছো। আশা কৰোঁ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা ভাল হব। ‘

ইনষ্টাগ্ৰামত এই নতুন সুবিধাটোৰ নাম ‘লিমিটছ’ । ই আপোনাক অনুসৰণ নকৰা সকলৰ মন্তব্য (হাইড) লুকুৱাব। ইয়াৰ উপৰিও, যদি কোনোবাই বেয়া মন্তব্য কৰে,তেওঁলোকক চাবলৈ এই সুবিধাটোত ক্লিক কৰিব পাৰিব। ইনষ্টাগ্ৰামে তাৎক্ষণিক পদক্ষেপ ল’ব।

কেৱল সেয়াই নহয়, ইনষ্টাগ্ৰামে যিকোনো লোকক সতৰ্ক কৰি দিব যদি তেওঁলোকে উত্তেজক বা আক্ৰমণাত্মক মন্তব্য কৰে। তথাপিও, যদি তেওঁলোকে এনে মন্তব্য কৰে, ইনষ্টাগ্ৰামে তেওঁৰ একাউণ্ট বিলোপ কৰিব।

সুবিধাটো যোৱা সপ্তাহত আৰম্ভ হৈছিল।তাত দেখা গৈছে যে কাৰোবাক হুংকাৰ দিলে তেওঁ লগে লগে সেই মন্তব্য মচি পেলাই বা সলনি কৰি দিয়ে।এই ব্যৱস্থাৰ মাজত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী সকলে বহুত বেছি নিৰাপদ হব বুলি দাবী কৰিছে সংস্থাৰ প্ৰধানে।

Exit mobile version