হাউলীত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এটি শিশু, আহত তিনি

WhatsApp Image 2021 08 12 at 6.49.26 PM

হাউলীৰ মৌটুপুৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোত এজনী ন বছৰীয়া কণমানি নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয় । নিহত শিশুটি তামুলপুৰৰ নাৰগিচ খাতুন আৰু আহত তিনিজন হৈছে ক্ৰমে হাউলীৰ মুকলেশ মল্লিক, হাজেৰা খাটুন আৰু মজ্জেন মল্লিক ।

তথ্য অনুসৰি, মৃত নাৰগিচ খাতুনে তামুলপুৰৰ পৰা পৰিয়ালৰ স’তে হাউলীত থকা ককাকৰ ঘৰলৈ বিয়া খাবলৈ আহিছিল ৷ আজি পুৱা ঘৰলৈ যাবৰ বাবে এখন গাড়ীৰে চাৰিওজনে বৰপেটাৰোডৰ ৰেল ষ্টেচনত আহিছিল ।

কিন্তু সময় মতে ৰেল ষ্টেচন আহি নোপোৱাত পুনৰ হাউলীৰ কদমগুৰীলৈ ML05M0071 নম্বৰৰ বাহনৰে উভতি যায় ৷ উভতি গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা AS15AC1988 নম্বৰৰ বালি কঢ়িওৱা ট্ৰেক্টৰৰ পিছফালে খুন্দিওৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় ।

খুন্দাত বাহনখন চূৰ্ণ-বিচূৰ্ণ হয় আৰু এজনী কণমানি থিতাতে নিহত হয় । বাকী গুৰুতৰভাৱে আহত হোৱা তিনিজনক বৰপেটাৰোডৰ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ ইয়াৰে মুকলেশ মল্লিকৰ অৱস্থা সংকটজনক হোৱাত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাটোৰ ফলত সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷

Exit mobile version