কৰ্ণাটক চৰকাৰে বিদ্যালয় খোলাৰ পৰিকল্পনা কৰাৰ সময়তে বেংগালুৰুত সংকটজনক পৰিস্থিতিৰ সৃষ্টি হৈছে । আগষ্টৰ প্ৰথম দুসপ্তাহতে পাঁচশ শিশু ক’ভিডত আক্ৰান্ত হৈছে । ফলত উদ্বেগৰ সৃষ্টি হৈছে অভিভাৱকসকলৰ মাজত । অৱশ্যে ব্ৰুহাট বেংগালুৰু মহানগৰ পালিকাই (বিবিএমপি) আস্বাস দিছে যে, বিষয়টোক লৈ এতিয়াই উদ্বিগ্ন হোৱাৰ কাৰণ নাই ।
বিবিএমপিয়ে জনাইছে যে, আক্ৰান্ত হোৱা পাঁচশটি শিশুৰ ভিতৰত ২৬৩ টি শিশু যোৱা পাঁচ দিনত সংক্ৰমিত হৈছে । ০-১৯ বছৰীয়া শিশু ক’ভিডত আক্ৰান্ত হৈছে । ০-৯ বছৰৰ ভিতৰত ৮৮ আৰু ১০-১৯ বছৰৰ ভিতৰত ৩০৫ টি শিশু ভাইৰাছত আক্ৰান্ত হৈছে ।
বিবিএমপিৰ বিশেষ কমিচনাৰ (স্বাস্থ্য) ৰনদ্বীপ ডিয়ে জনাইছে, যি হাৰত শিশুসকল আক্ৰান্ত হোৱাৰ প্ৰবণতা দেখা গৈছে, এনে হ’লে আগন্তুক দিনত এই সংখ্যা আৰু বৃদ্ধি পাব । কিন্তু বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি নহয় বুলিয়ে তেওঁ দাবী কৰিছে ।
তেওঁ লগতে কয়, ‘জুলাইৰ শেষ সপ্তাহ আৰু আগষ্টৰ প্ৰথম সপ্তাহৰ পৰিসংখ্যাৰ পৰা এইটো স্পষ্ট যে আক্ৰান্তৰ হাৰ ১৪ শতাংশই আছে । বিশেষ পৰিৱৰ্তন লক্ষ্য হোৱা নাই ।’ বিগত ১০ দিনত কোনো শিশুৰ মৃত্যু হোৱা নাই বুলিও জনাইছে ৰনদ্বীপে ।
ৰনদ্বীপে আৰু কয় যে, হাস্পতালবোৰতো পৰ্যৱেক্ষণ কৰি থকা হৈছে কোনো শিশু গুৰুতৰভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈছে নেকি । দেখা গৈছে, আক্ৰান্ত হোৱা শিশুসকলৰ অধিক সংখ্যকেই উপসৰ্গহীন বা মৃদু উপসৰ্গযুক্ত ।