গোৱাৰ ভাৰতীয় নৌসেনাক জাতীয় পতাকা উত্তোলনত বাধা স্থানীলোকৰ,কঠোৰ ব্যৱস্থাৰ ইংগিত মুখ্যমন্ত্ৰীৰ

flag 4396c934 de49 11ea a9c1 0156c0fcc051

স্বাধীনতা দিৱসৰ পূৰ্বে ভাৰতীয় নৌসেনাক জাতীয় পতাকা উত্তোলন কৰিবলৈ বাধা  দেশৰ এখন ৰাজ্যত। অবিশ্বাস্য হলেও এই ঘটনা সংঘটিত হৈছে গোৱাৰ এটা সৰু দ্বীপত ।

ভাৰতীয় নৌসেনাই জনাইছে যে,দক্ষিণ গোৱাৰ চান জাচিণ্টো দ্বীপত স্বাধীনতা দিৱসৰ উপলক্ষে পূৰ্বনিৰ্ধাৰিত কৰ্মসূচী বাতিল কৰা হৈছে । কাৰণ স্থানীয় লোকে কাৰ্যসূচীটোত বাধা প্ৰদান কৰিছে।

দৰাচলতে, স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে দেশজুৰি ‘আজাদি কা অমৃত ‘মহোৎসৱ নামৰ এটা কৰ্মসূচী পালন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।যাৰ অংশ হিচাবে ১৩ আগষ্টৰ পৰা ১৪ আগষ্টৰ লৈকে বিশেষ অনুষ্ঠানৰ কৰ্মসূচী আছিল দক্ষিণ গোৱাৰ সেই সৰু দ্বীপত।

সেই উপলক্ষে পতাকা উত্তোলন কৰিবলৈ নৌসেনাক বাধা প্ৰদান কৰিছে স্থানীয় বাসিন্দাসকলে । তেওঁলোকে অঞ্চলটোত স্বাধীনতা দিৱস উপলক্ষে নৌসেনাৰ জোৱানসকলক প্ৰদৰ্শন কৰিবলৈ অনুমতি দিব নিবিচাৰে।

আচলতে, বাসিন্দাসকলৰ একাংশৰ ধাৰণা , চৰকাৰে তেওঁলোকৰ সৰু দ্বীপটোৰ উন্নয়নৰ নামত ভৱিষ্যতে ব্যক্তিগত হাতত হস্তান্তৰ কৰিব পাৰে। তেনে ক্ষেত্ৰত, তেওঁলোকৰ অস্তিত্ব বিপদত পৰিব। এইটো সম্ভাব্য সেই ঘটনাৰ প্ৰতিবাদ ।

নৌসেনাই এই অভিযোগ জনাব গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱান্তক । তেওঁ নৌসেনাক অনুৰোধ কৰে পূৰ্ব নিৰ্ধাৰিত সূচী অনুযায়ী পালন কৰিবলৈ ।গোৱাৰ মুখ্যমন্ত্ৰীৰ কয় “এইটো অতি দুৰ্ভাগ্যজনক,” মই ইয়াক তীব্ৰ গৰিহণা দিছো। মোৰ চৰকাৰে এনে আচৰণ সহ্য নকৰিব।মই নৌসেনাক কাৰ্যসূচীটো বাতিল নকৰিবলৈ অনুৰোধ জনাইছো। গোৱা আৰক্ষীয়ে তেওঁলোকক সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। আমি সদায় দেশক অগ্ৰাধিকাৰ দিওঁ। দেশ বিৰোধী কাৰ্যকলাপ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা নহ’ব। “

Exit mobile version