৭৫ তম স্বাধীনতা দিৱসত কলগাছিয়া ৰাজহ চক্ৰৰ এলেকাধীন কাউৰঝাহী, আমগুৰী, শওঁপুৰ, খাৰবাল্লী আদি গাঁৱৰ ৰাইজে ব্যস্ত হ’বলগীয়া হৈছে গৰাখহনীয়াৰ পৰা নিজৰ নিজৰ ঘৰ বচাবলৈ।
এমুঠি অন্নৰ বাবে হাহাকাৰ হৈছে ৰাইজৰ মাজত । গৰাখহনীয়াগ্ৰস্তৰ মাজত নাই স্বাধীনতা দিৱসৰ উৎসাহ-উদ্দীপনা । চৰকাৰৰ হস্তক্ষেপৰ দাবী ৰাইজৰ ।
সমগ্ৰ দেশতে আজি উলহ-মালহেৰে উদযাপিত হৈছে ৭৫ তম স্বাধীনতা দিৱস। কিন্তু বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহী অঞ্চলত দেখা গৈছে তাৰ বিপৰীত ছবি।
দেশে স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰ অতিক্ৰম কৰিলে যদিও কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহী, আমগুৰী, শওঁপুৰ, খাৰবাল্লী আদি গাঁৱৰ নৈপৰীয়া ৰাইজে নিজৰ নিজৰ মৰমৰ ঘৰখন বেঁকী নৈৰ গৰাখহনীয়াৰ কবলৰ পৰা বচাবলৈ ব্যস্ত হৈ থকা দেখা গৈছে।
বিগত দুই মাহ ধৰি বেঁকী নদীয়ে নিৰবিচ্ছিন্ন ভাৱে খহনীয়াৰ সৃষ্টি কৰি ভেটি মাটি,মূল্যবান গছ গছনি, অনুষ্ঠান প্ৰতিষ্ঠান আদি উটাই নিছে যদিও বৰপেটা জিলা প্ৰশাসন, স্থানীয় বিধায়ক-সাংসদে কেৱল পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰিছে।
উপায়ন্তৰ হৈ দুৰ্ভোগীয়া ৰাইজে কান্দোনত ভাঙি পৰিছে। অচিৰেই বেঁকী নৈৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে বৃহত্বৰ কলগাছিয়া অঞ্চল অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যোৱাৰ উপক্ৰম।
এইক্ষেত্ৰত বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছে ভোক্তভোগী ৰাইজে।