আফগানিস্তানত থকা ১২০ জন ভাৰতীয়ক লৈ গুজৰাটলৈ উভতিলে বায়ুসেনাৰ বিমান

kabul airport

আফগানিস্তানত থকা  ১২০ জন ভাৰতীয় বিষয়াৰ স’তে ভাৰতলৈ উভতিল বায়ুসেনা চি-১৭ বিমান । বিমানখনে  মঙলবাৰে ৰাতিপুৱা গুজৰাটৰ জামনগৰত অৱতৰণ কৰিছে । আইটিবিপি জোৱানসকলৰ তত্বাৱধানত ভাৰতীয় বিষয়াসকলক দেশলৈ উভতাই অনা হ’ল ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ (এমইএ) মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, “ভাৰতে যুদ্ধবিধ্বস্ত দেশ ত্যাগ কৰিবলৈ  ইচ্ছুক । শিখ আৰু হিন্দুসকলক প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিব। চৰকাৰে ভাৰতীয় নাগৰিকৰ সুৰক্ষা আৰু আফগানিস্তানত আমাৰ স্বাৰ্থ নিশ্চিত কৰিবলৈ সকলো পদক্ষেপ ল’ব । আমাৰ পাৰস্পৰিক উন্নয়নমূলক, শৈক্ষিক কামৰ বাবে জনসাধাৰণৰ কাষ চাপিবলৈ আমাৰ প্ৰচেষ্টাত কে’বাজনো আফগান আছে। আমি তেওঁলোকৰ কাষত থিয় দিম ।”

কাবুলৰ সাম্প্ৰতিক পৰিস্থিতিয়ে ভাৰতকে ধৰি বিশ্বৰ বহুতো দেশৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে । কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক সচিব এন্টনী জে বিলকিনৰ স’তে কথা পাতিছিল ।

বিমানবন্দৰে দ্ৰুত সেৱাৰ বিষয়ে জনাইছে ।  মঙলবাৰে মুকলি কৰি দিয়া হৈছিল কাবুল বিমানবন্দৰ । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে আফগানিস্তানত ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এটা বিশেষ কোষ প্ৰস্তুত কৰিছে । নিৰ্দিষ্ট মেইল আইডি আৰু ফোন নম্বৰো দিয়া হৈছে। হেল্পলাইন নম্বৰ-  +৯১৯৭১১৭৭৮৫৩৭৯ আৰু MEAHHeIpdeskinda@gmail. com ।

Exit mobile version