ছুপাৰ ডান্সাৰ চেপ্টাৰ ফ’ৰৰ ছেটলৈ উভতিব শিল্পী চেট্টী!

Super Dancer Chapter 4 Todays Episode

যোৱা ১৯ জুলাইত পৰ্ণগ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হৈছিল শিল্পী চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা । ৰাজৰ ওপৰত পৰ্ণগ্ৰাফীৰ ছবি বনোৱা আৰু ছবিসমূহ এপত আপলোড কৰাৰ অভিযোগ আছিল।

শিল্পাই সোধা-পোছাৰ বাবে আৰক্ষী চকীত উপস্থিত হ’ব লগা হৈছিল। ছ’চিয়েল মিডিয়াত ৰাজ কুন্দাৰ লগতে শিল্পাকো সমালোচনা কৰা হয় । অভিনেত্ৰীগৰাকীয়ে তেতিয়াৰ পৰা বিতৰ্ক এৰাই চলিবলৈ বিভিন্ন সামাজিক মাধ্যমৰ পৰা নিজকে প্ৰায় আঁতৰাই ৰাখিছে।

ঘটনাটোৰ আগতে শিল্পা ‘চুপাৰ ডান্সাৰ চেপ্টাৰ ফ’ৰ ‘ৰ বিচাৰক আছিল। অভিনেত্ৰীগৰাকীক প্ৰতিযোগীসকলৰ লগতে দৰ্শকে অত্যন্ত ভাল পাইছিল। কিন্তু স্বামী ৰাজৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতে অনুষ্ঠানটোৰ পৰা বিৰতি লৈছিল শিল্পাই । এতিয়া সকলোৰে মনত উদয় হোৱা একমাত্ৰ প্ৰশ্ন টো হ’ল শিল্পা কেতিয়া পুনৰ ‘চুপাৰ ডান্সাৰ চেপ্টাৰ ফ’ৰ ‘ ত বিচাৰকৰ আসনলৈ ঘূৰি আহিব।

শেহতীয়াকৈ, অনুষ্ঠানটোৰ আন এজন বিচাৰক পৰিচালক অনুৰাগ বসুয়ে এক সাক্ষাৎকাৰত কয় যে শিল্পাক তেওঁলোক সকলোৱে মিছ কৰিছে ।

তেওঁৰ আৰু শিল্পাৰ এক দীঘলীয়া সম্পৰ্ক আছে, কিন্তু শিল্পা কেৱল তেওঁৰ লগতে নহয় ছেটত থকা সকলোৰে স’তে ভাল সম্পৰ্ক আছে অভিনেত্ৰীগৰাকীৰ ।

অনুৰাগে ইতিমধ্যে অভিনেত্ৰীগৰাকীক মেছেজ প্ৰেৰণ কৰিছে আৰু সুধিছে তেওঁ পুনৰ ছেটলৈ কেতিয়া আহিব ।কিন্তু শিল্পাই প্ৰশ্নটোৰ উত্তৰ দিয়া নাছিল। বোম্বাই উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰাজ কুন্দ্ৰাৰ জামিন আবেদন খাৰিজ কৰিছে।

Exit mobile version