সাতটাকৈ হাঁহ আৰু কুকুৰা নিধন কৰি তেজপুৰত বিপদত পৰিল অজগৰ । ইয়াৰ তিনিটা হাঁহ ভক্ষণ কৰিলে যদিও বাকী চাৰিটা ভক্ষণ কৰিবলৈ লোৱাৰ সময়তে বিগদত পৰিল অজগৰডাল ।
আজি পুৱা তেজপুৰৰ মহাভৈৰৱৰ সমীপত এই ঘটনা সংঘটিত হয় । স্থানীয় শেখৰ তালুকদাৰ নামৰ লোকজনৰ ঘৰত প্ৰায় ১০ ফুট দীঘল এটা অজগৰে গড়ালত প্ৰৱেশ কৰি ছয়টাকৈ হাঁহৰ লগতে এটা কুকুৰা নিধন কৰে ।
ইয়াৰে তিনিটা হাঁহ ভক্ষণ কৰাৰ পাছতে পৰি থকা এটা ঘিঁউৰ খালি বটলত মূৰটো সোমাই আৱদ্ধ হৈ পৰে । গৃহস্থই গড়াল খুলিবলৈ গৈ এই দৃশ্য দেখি বন বিভাগক খবৰ দিয়ে ।
বন বিভাগে সৰ্পবান্ধৱ সৌৰভ বৰকটকীক ফোন কৰি এই বিষয়ে জনায় । ইয়াৰ পাছতে সৰ্পবান্ধৱ বৰকাকটীয়ে বনকৰ্মীৰ স’তে সেই স্থানত উপস্থিত হৈ অজগৰডালক এই অবাঞ্চিত বিপদৰ পৰা উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত অজগৰটো উদ্ধাৰ কৰি মোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় ।