শালবাৰীৰ লক্ষী মন্দিৰত চুৰি, ৰাইজে হাতে-লোটে ধৰি উত্তম-মধ্যম দি গটালে আৰক্ষীক

img1629215031361

আজি পুৱতি নিশা বাগসাৰ শালবাৰীৰ মাজমজিয়াত থকা শ্ৰীশ্ৰীমাঁ লক্ষী মন্দিৰত চুৰি কৰিব আহি ৰাইজৰ হাতত আটক হ’বলগীয়া হয় এটা দুৰ্ধৰ্ষ চোৰ ৷ ধৃত চোৰটো শালবাৰীৰ ছফিকুল ইছলাম ৷

ঘটনাৰ বিৱৰণী মতে, আজি পুৱতি নিশা শালবাৰী বজাৰৰ মাজমজিয়াত থকা ১৯৩৪তে স্থাপিত শ্ৰীশ্ৰীমাঁ লক্ষী মন্দিৰৰ ভেণ্টিলেটৰ ভাঙি এটা চোৰ প্ৰৱেশ কৰি মন্দিৰটোত থকা সোণ ৰূপৰ উপৰিও বিভিন্ন সামগ্ৰী লুট-পাত কৰি থকাৰ সময়তে স্থানীয় এগৰাকী লোকে মন্দিৰটোৰ ভিতৰৰ পৰা অহা শব্দ অনুমান কৰি ওচৰ চুবুৰীয়া দোকানী, ব্যৱসায়ীক খবৰ দিয়াত তৎমুহূৰ্ততে মন্দিৰৰ সমুখত গোট খায় বহুকেইজন লোক ৷ মন্দিৰৰ খিৰিকী আৰু ভেণ্টিলেটৰেৰে স্থানীয় লোকে ভিতৰত প্ৰত্যক্ষ কৰে এটা চোৰ ৷ লগে লগে ৰাইজে মন্দিৰৰ তলা খুলি ভিতৰৰ পৰা কৰায়ত্ত কৰি বাহিৰলৈ উলিয়াই আনি উত্তমমাধ্যম দিয়ে চোৰটোক ৷

ধৃত চোৰটো শালবাৰীৰ সমীপৰ ধুমাৰপাথাৰৰ ছফিকুল ইছলাম ৷‌ পৰৱৰ্তী সময়ত ৰাইজে শালবাৰী আৰক্ষীৰ হাতত গতাই দিয়ে চোৰটোক ৷ চোৰটোৰ হাতত পৰা স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Exit mobile version