বিগত ডেৰ বছৰ ধৰি বিচ্ছিন্ন ভাৰত-ভূটানৰ মাজত যাতায়াত

হতাশাত ভুগিছে ভৈৰৱকুণ্ডৰ থলুৱা ব্যৱসায়ীসকল

IMG 20200802 124743 02 1

সম্প্ৰতি কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বজুৰি একপ্ৰকাৰ ব্যাহত হৈ আছে স্বাভাৱিক জীৱন যাত্ৰা। বিগত বৰ্ষৰ পৰাই ক’ভিড১৯ ভাইৰাছে ভাৰতবৰ্ষকো যথেষ্ট ক্ষতিগ্ৰস্থ কৰিছে।

ফলত বিগত ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰাই ভাৰত দেশখনত ক’ভিড১৯ মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পৰাই সংক্ৰমণ ৰোধৰ স্বাৰ্থত বন্ধ ঘোষণা কৰিছিল আন্তঃৰাষ্ট্ৰীয় যাতায়াত ব্যৱস্থা।

বন্ধ ঘোষণা কৰা হৈছিল ভাৰতবৰ্ষৰ স’তে বিভিন্ন দেশৰ মাজত থকা স্থলপথৰ আন্তঃৰাষ্ট্ৰীয় দুৱাৰসমূহ। সেই অনুসৰি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ডত অৱস্থিত দুয়োখন দেশৰ মূখ্য গেটো যোৱা বছৰৰ মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছে।

দুয়োখন খন দেশৰ নিৰাপত্তাৰক্ষীয়ে অঞ্চলজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ভাৰত সীমান্তত এছএছবি তথা সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰাপত্তা ব্যৱস্থাত তীক্ষ্ণ নজৰ ৰখাৰ লগতে ভুটানৰ সেনাইও অস্থায়ীভাৱে ওখ বেৰেক সাজি সীমান্ত অঞ্চলত ২৪ ঘণ্টাই প্ৰতিজন লোকৰে গতিবিধি নিৰীক্ষণ কৰিছে।

অৱশ্যে ভাৰতৰ পৰা ভূটানলৈ যাবলগীয়া অত্যাৱশ্যকীয় সামগ্ৰী তথা নিৰ্মাণ কাৰ্যৰ লগত জৰিত লোক তথা বাহন ভূটানলৈ প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে। একেদৰে জৰুৰীকালীন বিষয়ত ভূটানৰ বাহনো ভাৰতৰ মাটিত প্ৰৱেশ কৰিছে।

ইয়াৰোপৰি দুয়োখন দেশত প্ৰৱেশ কৰা লোকসকলৰ শৰীৰৰ তাপমাত্ৰা জুখিহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে দুয়োখন দেশৰ নিৰাপত্তাৰক্ষীয়ে। সমান্তৰালভাৱে দুয়োখন দেশৰ মাজত সকলো সাধাৰণ লোকৰ চলাচল বিগত ডেৰ বছৰ ধৰি বন্ধ হৈ আছে।

ইফালে ভৈৰৱকুণ্ডৰ আন এক দিশে থকা অৰুণাচল প্ৰদেশৰ প্ৰৱেশ দ্বাৰতো কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিছে ৰাজ্যখনৰ আৰক্ষীয়ে। বিশেষকৈ বিনা কাৰণত অনাধিকাৰ প্ৰৱেশ কৰা লোকসকলক বালেমু আৰক্ষী থানা এলেকাৰ পৰা নিৰাপত্তাৰক্ষীয়ে অৰুণাচলত প্ৰৱেশত বাধা আৰোপ কৰিছে।

ৰাজ্যখনৰ নিৰাপত্তাৰক্ষীয়ে অত্যাৱশ্যকীয় সামগ্ৰী তথা নিৰ্মাণ কাৰ্যত জৰিত বাহনসমূহ প্ৰৱেশ কৰিবলৈ দিছে যদিও প্ৰতিগৰাকী চালক তথা লোকক প্ৰাথমিক পৰীক্ষাৰ অন্ততহে প্ৰৱেশত অনুমতি প্ৰদান কৰিছে।

উল্লেখ্য যে এনে প্ৰতিবন্ধকতাৰ বাবেই সমস্যাত পৰিছে অসমৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড অঞ্চলৰ সাধাৰণ ব্যৱসায়ীসকল। কিয়নো বছৰ বছৰ ধৰি ভূটান আৰু অৰুণাচল প্ৰদেশৰ পৰা অহা ক্ৰেতাসকলক লৈ ভৈৰৱকুণ্ড অঞ্চলত গঢ়ি উঠিছিল এখন সম্ভাৱনাৰ থলুৱা বজাৰ।

কিন্তু ক’ভিড১৯ৰ প্ৰভাৱত দুয়োখন দেশ তথা ৰাজ্যৰ জনসাধাৰণ অসমত প্ৰৱেশত প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱাত সম্প্ৰতি স্থানীয় ব্যৱসায়ীসকলৰ দ্বাৰা চলি থকা বজাৰখনলৈ একপ্ৰকাৰ অশনি প্ৰভাৱ পৰিছে।

ইফালে বিগত দুবছৰ ধৰি বনভোজৰ সময়ছোৱাতো ভৈৰৱকুণ্ড বনভোজস্থলীত বনভোজপ্ৰেমীৰ সেৰেঙা উপস্থিতিয়ে থলুৱা ব্যৱসায়ীসকলৰ মাজত প্ৰভাৱ পেলোৱাৰ লগতে মহামাৰী ক’ভিড১৯ৰ সংহাৰী ৰূপে স্থানীয় ব্যৱসায়সকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা দেখা গৈছে।

একেদৰে দুয়োখন দেশৰ মাজত যাতায়াত সূচল হৈ নুঠাত পৰ্যটন ক্ষেত্ৰখনতো যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে। ভূটান তথা অৰুনাচল প্ৰদেশৰ লোকসকলে প্ৰাকৃতিক পৰিৱেশ উপভোগৰ বাবে অসমৰ ভৈৰৱকুণ্ডলৈ অহাৰ লগতে অসমৰ জনসাধাৰণেও ভূটান তথা অৰুণাচলত প্ৰৱেশ কৰি দুয়ো দেশৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছিল।

কিন্তু সম্প্ৰতি এনে সম্পৰ্ক একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰাঢ়পৰিলক্ষিত হৈছে। বিশ্বজুৰি ক’ভিড১৯ৰ সংহাৰ কেতিয়া অৱসান ঘটিব এই সম্পৰ্কে কোনো লোক অৱগত নহয় যদিও ভূটান ৰাষ্ট্ৰ তথা অৰুণাচল প্ৰদেশৰ ৰাউজৰ অংশগ্ৰহণেৰে জীপাল হোৱা ভৈৰৱকুণ্ড অঞ্চলটোলৈ অনাগত দিনত অধিক নেতিবাচক প্ৰভাৱ পৰাতো নপৰাৰ বাবে চৰকাৰ প্ৰশাসনত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ব্যৱসায়ীসকলে।

Exit mobile version