মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাতাবাৰী ৰেঞ্জৰ অন্তৰ্গত তথা বাগসা জিলাৰ শালবাৰীৰ গোলাগাঁওৰ সমীপবৰ্তী কৰৈবাৰীত সংঘটিত হৈছে এক শোকাবহ ঘটনা৷
বিদ্যুতস্পৰ্শ হৈ কৰুণ মৃত্যু হয় মানাহৰ দুটাকৈ মাইকী বন্যহস্তীৰ৷ইতিমধ্যে হাতীৰ মৃত্যুৰ ঘটনাত অভিযুক্ত ৰোশেন দেউৰী নামৰ লোকজনে শিমলা আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে৷
উল্লেখ্য যে দীৰ্ঘদিন ধৰি মানাহৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীয়ে সমীপৱৰ্ত্তী গাঁওৰ কৃষকৰ ধান আৰু অন্যান্য ৰবি শস্যৰ খেতি খাই তহিলং কৰি আহিছিল৷
হাতীৰ উপদ্ৰৱৰ পৰা নিজৰ নিজৰ খেতিডৰাক বচাবলৈ কৃষকসকলে অৱলম্বন কৰিছিল নানানটা পন্থা৷ কৰৈবাৰীৰ ৰোশেন দেউৰী নামৰ লোকজনে খেতিপথাৰত পহৰাৰ বাবে সজা টঙীঘৰলৈ সংলগ্ন বৈদ্যুতিক তাঁৰত স্পৰ্শ হৈ মাইকী হাতী দুটাৰ মৃত্যু হয় বুলি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি ঘটনাৰ কথা স্বীকাৰ কৰিছে৷
বনৰীয়া হাতী দুটাৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ তথা ঘটনাস্থলীত উপস্থিত প্ৰতিজন লোকে উচুপি উঠা পৰিলক্ষিত হয় আৰু অভিযুক্ত কৃষক ৰোশেন দেউৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায়৷ ঘটনাস্থলীত পুৱাৰ ভাগতেই শিমলা আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ সমস্ত ঘটনাৰ তদন্ত আৰম্ভ কৰে৷