গোসাইগাঁৱৰ পৰা ধুবুৰী সংযোগী পথৰ দুৰৱস্থা

WhatsApp Image 2021 08 21 at 2.49.26 PM

গোসাইগাঁৱৰ পৰা ধুবুৰী সংযোগী পথৰ দুৰৱস্থা। বিগত কে’বাবছৰ ধৰি ৰাইজে যমৰ যাতনা ভুগিছে এই পথটোৰ বাবে। পথটোৰ দুৰৱস্থাই জোলোকা জোলোকে পানী খুৱাইছে পথচাৰীক।

ধুবুৰী জিলা আৰু বিটিআৰৰ গোসাইগাঁও সংযোগী ডি কে ৰোড পথৰ এই দুৰৱস্থা। এজাক বৰষুণতে পথত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতবোৰত একঁকাললৈকে পানী জমা হয়।

ফলত পথচাৰীয়ে যাতায়াতৰ ক্ষেত্ৰত এক জটিল পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয়। গুৰুত্বপূৰ্ণ পথটোৰে নিতৌ হেজাৰ হেজাৰ জনসাধাৰণৰ ,ছাত্র-ছাত্ৰীৰ সকলেও পাৰ হ’ব লগা হয় এই ৰাস্তাটোৱে।

ৰোগীক হাস্পতাললৈ নিব লগা হ’লে বহু অসুবিধাৰ সন্মুখীন হয় । ফলত পথটোৰ অতি শীঘ্ৰেই মেৰামতিৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Exit mobile version