চুক্তি অনুসৰি ৩১ ডিচেম্বৰৰ পূৰ্বে তালিবানে চৰকাৰ গঠন কৰিব নোৱাৰিবঃ প্ৰতিবেদন

899352 01 02 1 1021761 1629460290

চুক্তি ভংগ কৰি তালিবানে কাবুল দখল কৰাৰ অভিযোগ কৰিছে আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে । দেশত চৰকাৰ গঠন কৰাক লৈও আমেৰিকাৰ স’তে তালিবানৰ পৃথক চুক্তি হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে । চুক্তি অনুসৰি, ৩১ আগষ্টৰ ভিতৰত আফগানিস্তানৰ পৰা সকলো নাগৰিকক উদ্ধাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই । এই কাৰ্য সম্পন্ন নোহোৱা পৰ্যন্ত চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি তালিবানৰ চুক্তি হৈছে আমেৰিকাৰ স’তে ।

যোৱা ১৫ আগষ্টত কাবুল দখল কৰে তালিবানে । ইয়াৰ পাছতেই প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰ্জাই আৰু ঘানি বিৰোধী আব্দুল্লাৰ স’তে চৰকাৰ গঠনৰ আলোচনা কৰি আছে তেওঁলোকে । চৰকাৰ গঠনৰ সন্দৰ্ভত এই পৰ্যন্ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । আমেৰিকাৰ স’তে স্বাক্ষৰিত চুক্তিৰ বাবেই চৰকাৰ গঠন কৰা সম্ভৱ হোৱা নাই বুলি জনাইছে নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক ঘানি চৰকাৰৰ কাৰ্যকালৰ এজন বিষয়াই ।

আমেৰিকাৰ স’তে তালিবানৰ মধ্যস্থতাত সম্প্ৰতি সংগঠনৰ নেতা আনছ হাক্কানিক গুৰুত্বপূৰ্ণ ভূমিকাত দেখা গৈছে । তেৱেঁই এই বিশেষ চুক্তিৰ কথা ফাদিল কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমত দাবী কৰিছে ঘানি চৰকাৰৰ সেই বিষয়াজনে । তেওঁৰ দাবী, কাবুলক লৈ আমেৰিকাৰ স’তে আগতেই চুক্তিবদ্ধ হৈছিল তালিবান । ৩১ আগষ্ট পৰ্যন্ত সময় বিচাৰিছিল আমেৰিকাই । যাতে এই সময়সীমাৰ ভিতৰত সকলো নাগৰিকক উদ্ধাৰ কৰিব পাৰে তেওঁলোকে । আমেৰিকাই ৩১ আগষ্ট পৰ্যন্ত সকলো নাগৰিককে উদ্ধাৰ নকৰা পৰ্যন্ত তালিবানে একো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে বুলি লিখা আছিল চুক্তিখনত ।

তালিবানৰ স’তে আমেৰিকাৰ সঁচাকৈয়ে কোনো চুক্তি স্বাক্ষৰ হৈছিল নে নাই, তাক লৈ আমেৰিকাৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া পোৱা নাই । বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি জ’ বাইডেনে জনাইছে যে দেশৰ সকলো নাগৰিককে নিৰাপদে উভতাই অনাই তেওঁলোকৰ লক্ষ্য । কিন্তু ৩১ ডিচেম্বৰৰ পাছতো যদি আমেৰিকাৰ কোনো নাগৰিক আফগানিস্তানত থাকি যায় ? এই প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘আমেৰিকাৰ এজন নাগৰিকো যদি আফগানিস্তানত আৱদ্ধ হৈ থাকে, তেওঁক উদ্ধাৰ নকৰা পৰ্যন্ত আমি আঁতৰি নাহো ।’ যদিও ৯/১১ আক্ৰমণৰ কুৰি বছৰ পূৰ্তি উপলক্ষে ৩১ ডিচেম্বৰৰ ভিতৰত আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ কথা আগতেই ঘোষণা কৰিছিল বাইডেনে ।

Exit mobile version