বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ-আঞ্চলিক দল এ এছ ডি চি-ৰ গোটবন্ধন পশ্চিম কাৰ্বি আংলঙত

WhatsApp Image 2021 08 22 at 6.31.11 PM

কাৰ্বি পাহাৰত গোটবন্ধনেৰে একত্ৰিত হ’ল কংগ্ৰেছ আৰু জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল এ এছ ডি চি ৷ পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চাৰ্থে ক্ৰামছা আৰু জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল এ এছ ডি চি-ৰ সভাপতি ৰামছিং টেৰাঙে অনু্ষ্ঠিত কৰা যুটীয়া সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে দুয়োটা দলে ৷

ADVERTISEMENT

ইপিনে, জিলাখনৰ খেৰণিস্থিত কৃষি বিভাগৰ অতিথিশালাত আয়োজন কৰা যৌথ সংবাদমেলত আঞ্চলিক দলটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ছাৰছিং ইংলেং আৰু কংগ্ৰেছ সভাপতিগৰাকীয়ে বিস্ফোৰক মন্তব্যৰে “ফাইট এগেইনষ্ট বিজেপি” অৰ্থাৎ আগন্তুক কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত শাসনাধিস্থ বিজেপিক পৰাভূত কৰাৰ সংকল্প গ্ৰহণ কৰে ৷

তদুপৰি বিজেপিৰ জাতি-মাটিৰ শ্ল’গানৰ সমান্তৰালকৈ নৱ গঠিত গোটবন্ধনেও জৰ্জৰিত অসম-মেঘালয়ৰ সীমান্তৰ জাতি-মাটি সুৰক্ষা, স্বায়ত্বশাসিত ৰাজ্য দাবীৰ লগতে জিলাখনক ষষ্ঠ অনুসূচীত আইনৰ অধীনত জিলাবাসীক ৰক্ষা কৱচ প্ৰদানৰ দাবীৰে একত্ৰিত হোৱাৰ কথা প্ৰকাশ কৰে । সমাগত কাৰ্বি পৰিষদৰ পৰিষদীয় নিৰ্বাচনত ঐক্যৱদ্ধভাৱে বিজেপিক প্ৰত্যাহ্বান জনাই পৰাভূত কৰাৰ লক্ষ্য হাতত লৈ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰাৰ সংকল্পবদ্ধ হয় পশ্চিম কাৰ্বি আংলঙৰ জিলা কংগ্ৰেছ আৰু এ এছ ডি চি দলৰ নেতা কৰ্মীসকল ।

Exit mobile version