মাত্ৰ এজন আক্ৰান্ত ! সমগ্ৰ নিউজিলেণ্ডত তলাবন্ধ ঘোষণা

qhgenm3 new

মাত্ৰ এজন সংক্ৰমিতৰ বাবে সমগ্ৰ দেশতে তলাবন্ধ ! যোৱা ছমাহত কৰ’না সংক্ৰমণৰ পৰা মুক্ত হৈ আছিল নিউজিলেণ্ড । কিন্তু শেহতীয়াকৈ সেই দেশত এজন লোক ডেল্টাত সংক্ৰমিত হৈছে আৰু তাৰ পাছতে দেশখনত ঘোষণা কৰা হৈছে তলাবন্ধৰ।

এই ঘটনাৰ সূত্ৰে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নয়ে দেশখনত কঠোৰ তলাবন্ধৰ ঘোষণা কৰিছে ।

নিউজিলেণ্ডত কৰ’না সংক্ৰমণৰ অৱস্থাত সংক্ৰমণ নিয়ন্ত্ৰণলৈ আনিবলৈ দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল -Go Hard, Go Early । তাৰ পাছত তেওঁৰ এই ৰণনীতিয়ে পৰ্যাপ্ত কাম দিছিল।

তথ্য অনুসৰি ডেল্টাত আক্রান্ত হোৱা লোকজন বৰ্তমান সংকটজনক অৱস্থাত আছে ।হঠাৎ বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় আৰু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হোৱাৰ ফলত ৰাজহুৱা জীৱন যথেষ্ট ব্যাহত হৈছে।

Exit mobile version