শালবাৰীত ভিন্ন প্ৰান্তত সীমান্ত চেতনা মঞ্চৰ উদ্যোগত ৰাখীবন্ধন

WhatsApp Image 2021 08 22 at 6.12.28 PM

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আজি পবিত্ৰ ৰাখীবন্ধন উৎসৱ পালন কৰা হয় ৷ ভাতৃ-ভগ্নীৰ সম্প্ৰীতিৰ বান্ধোন এই ৰাখীবন্ধন উৎসৱ সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰ বাগসা জিলাৰ ৰূপহী আৰু বাঁহবাৰী ছেক্টৰৰ উদ্যোগত শালবাৰীৰ ভিন্ন প্ৰান্তত পালন কৰা হয় ৷

সীমান্ত চেতনা মঞ্চৰ উদ্যোগত ৰাতিপুৱা ভাগত প্ৰথমে শালবাৰীৰ পালছিগুৰিস্থিত এছএছবিৰ ৫৪ নং বেটেলিয়নৰ শিবিৰত এই উৎসৱ পালন কৰি শিবিৰটোৰ প্ৰতিগৰাকী বিষয়া, জোৱানৰ হাতত ৰাখী বন্ধা হয় ৷ তাৰ পাছতেই বাঁহবাৰী আৰু মানাহ কেম্পতো মঞ্চৰ উদ্যোগত ৰাখীবন্ধন উৎসৱ পালন কৰা হয় ৷

আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে সীমান্ত চেতনা মঞ্চ বাগসা জিলা সম্পাদক নিকুঞ্জ কলিতা, বাগসা জিলা সেৱা প্ৰমুখ ৰাতুল নাথ, সীমান্ত চেতনা মঞ্চ বাঁহবাৰী ছেক্টৰ কমিটিৰ সম্পাদক ললিত মহন্ত, প্ৰচাৰ সম্পাদিকা জোনালী নাথ, ৰূপহী ছেক্টৰ কমিটিৰ সভাপতি ৰামপ্ৰসাদ আৰ্য, শালবাৰী নগৰ কমিটিৰ সেৱা প্ৰমুখ জিতুমণি দাস, শালবাৰী নগৰ কমিটিৰ প্ৰচাৰ সম্পাদক কৰুণাকান্ত নাথকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷

Exit mobile version