তালিবানৰ বিৰুদ্ধে পানশ্বিৰত প্ৰত্যাহ্বান জনাইছে এজন ৩২ বছৰীয়া তৰুণে

3b9a88da 41a5 407f b415 6913e0453b55

আফগানিস্তানৰ উত্তৰৰ হিন্দুকুশ পর্বতৰ পাদদেশত অৱস্থিত পানশ্বিৰ উপত্যকাত তালিবানৰ বিৰুদ্ধে ফেপেৰি পাতি উঠা মাচুদ বাহিনীসহ বিৰােধী জোঁটক অন্তিম যুঁজৰ বাবে সাজু হ’বলৈ সময়সীমা বান্ধি দিছে সন্ত্রাসবাদী শাসক গােষ্ঠীয়ে। হয় আত্মসমর্পণ নহয় অন্তিম ৰণ— এনে সকীয়নিয়ে তালিবানে দিছে পানশ্বিৰৰ মাচুদ বাহিনীক। অৱশ্যে সমানে সমানে যুঁজিবলৈ সাজু হৈছে। মাচুদ বাহিনীও যােৱা ১৫ আগষ্টত কাবুলত আশ্রফ ঘানি চৰকাৰৰ পতন ঘটোৱাৰ পাছতাে পানশ্বিৰৰ দৰে কিছুমান অঞ্চল তালিবানে হস্তগত কৰিব পৰা নাছিল।

ভৌগােলিক অৱস্থানৰ বাবে এই অঞ্চল আজি পর্যন্ত এনে কোনাে বাহিনীয়ে দখল কৰিব পৰা নাই। নাটো বাহিনী অথবা ছােভিয়েট বাহিনীয়েও ইয়াত প্ৰৱেশ কৰিব পৰা নাছিল। সেয়েহে এই অঞ্চলটো স্থানীয় লােকে অজেয় বুলি কয়। এইবাৰ এই উপত্যকা দখলৰ বাবে তালিবানে অন্তিম যুঁজ আৰম্ভ কৰা বুলি কূটনৈতিক বিশেষজ্ঞসকলৰ ধাৰণা। এই উপত্যকাৰ নেতা আহমেদ মাচুদেও হুংকাৰ দি কৈছে যে প্রতিৰােধ আৰম্ভ হৈছে মাথোঁ।

আফগানিস্তানত তালিবান বিৰােধী যুঁজত একেবাৰে সন্মুখত থিয় দিয়া আহমেদ মাচুদ হৈছে সেই উপত্যকাৰ সিংহৰূপে পৰিচিত আহমেদ শ্বাহ মাচুদৰ পুত্র। লণ্ডনৰ কিংছ কলেজত শিক্ষা জীৱন সমাপ্ত কৰি গৃহভূমিলৈ উভতি অহা আহমেদ মাচুদৰ নেতৃত্বত নেচনেল ৰেজিষ্ট্রে ফ্রণ্ট অফ আফগানিস্তানে তালিবানৰ বিৰুদ্ধে বৃহৎ প্ৰতিৰােধ গঢ়ি তুলিছে। আহমেদ মাচুদৰ সংগী হৈছে পলাতক ৰাষ্ট্রপতি ঘানিৰ কাৰ্যকালৰ উপ-ৰাষ্ট্রপতি আমৰুল্লা ছালেহ। স্থানীয় সূত্রত প্রকাশ যে আফগান সেনাৰ এটা বৃহৎ অংশই মাচুদ বাহিনীত যােগ দিছে।

তদুপৰি বিশ্বৰ কেবাখনাে দেশে এই বাহিনীক সমর্থন আগবঢ়াইছে। অৱশ্যে কাবুলৰ মছনদ দখলৰ পাছত তালিবানে আফগান সেনাক আমেৰিকাই প্ৰদান কৰা বিপুল অস্ত্র-শস্ত্ৰৰ ভাণ্ডাৰ হস্তগত কৰে। শেহতীয়া তথ্য অনুসৰি, আফগান সেনাই আমেৰিকাক ছয় লক্ষ ৰাইফল তথা বন্দুকজাতীয় লঘু অস্ত্র, ৮০ হেজাৰৰ অধিক লেনমাইন নিৰােধক অত্যাধুনিক বাহন, যিকোনাে দুর্গম পথতে চলাচল কৰাৰ ক্ষমতাযুক্ত ৪,৭০০ খন টি হামবি, ২০ হেজাৰৰ অধিক গ্রেণেড, নিশা পৰিধান কৰিব পৰা গগলছ আৰু কম ওজনৰ বেগ আদি দিছিল।

এইসমূহৰ কিমান তালিবানে দখল কৰিছে সেই সম্পর্কে তথ্য স্পষ্ট নহয়। বিশেষজ্ঞসকলৰ অনুমান যে আমেৰিকাৰ অত্যাধুনিক অস্ত্র ভাণ্ডাৰৰ অধিকাংশৰে মালিক এতিয়া তালিবান বাহিনী। ইপিনে, আহমেদ মাচুদে দাবী কৰিছে যে তেওঁলােকৰ হাততাে আছে বিপুল পৰিমাণৰ অস্ত্র। তেওঁ দাবী কৰে যে আফগানিস্তানত ক্ৰমাৎ তালিবান বিৰােধী প্ৰতিৰােধ শক্তিশালী হৈছে। দীর্ঘদিন ধৰি ইংলণ্ডত বসবাস কৰা মাচুদে কয় যে আফগানিস্তানৰ পৰা তালিবানৰাজ উৎখাত নকৰিলে পুনৰ ৯/১১ৰ পুনৰাবৃত্তি হ’ব পাৰে।

এইবাৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে ইংলণ্ড। কাবুলৰ পৰা এশ কিলােমিটাৰ নিলগত অৱস্থিত এই বৃহৎ উপত্যকাত তালিবান বিৰােধী বাহিনীক লৈ মাচুদ আৰু ছালেহ আগবাঢ়িছে। ব্রিটিছ সংবাদ মাধ্যমৰ দাবী অনুসৰি এই যুঁজত ইতিমধ্যে শতাধিক তালিবান যােদ্ধাৰ মৃত্যু হৈছে। মাচুদে কয় যে তেওঁ শেষ বিন্দু তেজ থকালৈকে তালিবানৰ বিৰুদ্ধে যুঁজ চলাই যাব। ইংলণ্ডত উচ্চ শিক্ষা গ্রহণ কৰা মাচুদে দোহাৰে যে বিশ্ব শান্তিৰ বাবে বিপজ্জনক তালিবান। আফগানিস্তানৰ ইতিহাসত আছে ৰুছ, ব্রিটিছ অথবা পাখটুন প্রধান তালিবানৰ আগ্রাসন।

ইয়াত একমাত্র ব্যতিক্রম পানশ্বিৰ উপত্যকা। এই অঞ্চলৰে বৰ্তমানৰ নায়কৰূপে পৰিচিত আহমেদ মাচুদ। অঞ্চলটোত কিংবদন্তিস্বৰূপ বীৰ নায়ক আহমেদ শ্বহ মাচুদৰ ছয় সন্তানৰ জ্যেষ্ঠ পুত্র আহমেদ মাচুদৰ ওপৰত বিশ্বৰ গণতন্ত্রপ্রেমী ৰাইজে দৃষ্টি ৰাখিছে। ৩২ বছৰীয়া এইজন যুৱকে পিতৃৰ দৰে বীৰত্বৰে তালিবানক প্রত্যাহ্বান জনাইছে। ২০০১ত আমেৰিকাত বিশ্ব বাণিজ্য কেন্দ্র আক্রমণৰ পূর্বে অল-কায়দা আৰু তালিবানৰ যৌথ চক্ৰান্তৰ বলি হয় পিতৃ আহমেদ শ্বাহ মাচুদ। ১২ বছৰীয়া কনিষ্ঠ মাচুদৰ চকুৰ সন্মুখতে পিতৃক হত্যা কৰা হৈছিল।

সমগ্র দেশ যেতিয়া তালিবানৰ আতংকত থৰহৰি কম্পমান হৈছে সেই সময়ত এতিয়াও মুক্ত হৈ আছে চৌপাশে পাহাৰে ঘেৰা পানশ্বিৰ উপত্যকা। ১৯৮৯ত পানশ্বিৰত জন্ম আহমেদ মাচুদৰ। ইৰানৰ বিদ্যালয়ত শিক্ষা গ্রহণৰ পাছত তেওঁক ছেণ্ডহাষ্টলৈ প্ৰেৰণ কৰা হৈছিল। তাত ব্রিটিছ সেনাৰ অধীনত তেওঁ যুদ্ধ বিদ্যাৰ প্রশিক্ষণ লয়। ২০১৫ত লণ্ডনৰ কিংছ কলেজৰ পৰা ৱাৰ ষ্টাডিজ বিষয়ত স্নাতক ডিগ্রী লাভ কৰে। তাৰ পাছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত স্নাতকোত্তৰ ডিগ্ৰী গ্রহণ কৰে। অৱশ্যে এয়াই প্রথম নহয়।

২০১৯ত মাচুদে এটা বাহিনী গঠন কৰে। পিতৃৰ পথ অনুসৰি তেওঁ গঠন কৰা এই বাহিনীয়ে এতিয়া তালিবানৰ বিৰুদ্ধে যুঁজি আছে। এই বাহিনীৰ পথপ্রদর্শক হৈছে নডার্ণ এলায়েন্স। আফগানিস্তানৰ মুক্তিৰ বাবে গঠন কৰা এই একত্রিত বাহিনীৰ সমৰ্থনত থিয় দিছিল ইৰান, তাজিকিস্তান, উজবেকিস্তান, তুর্কমেনিস্তান আৰু ভাৰত। এই বাহিনীৰ নেতৃত্ব দি ৯০ দশৰ পৰাই আহমেদ শ্বাহ মাচুদে প্রথমতে ছােভিয়েট আৰু তাৰ পাছত তালিবানৰ বিৰুদ্ধে যুঁজ দিছিল।

এইবাৰ তেওঁৰ পুত্ৰয়াে একে পথতে থিয় দিছে। মন কৰিবলগীয়া যে ১৯৯৬ৰ পৰা ২০০১ লৈ আফগানিস্তানত তালিবানী বিৰােধী আন্দোলন চালিকা শক্তি আছিল মাচুদৰ সামৰিক সংগঠন। ৱাশ্বিংটন প’ষ্ট’ কাকতত আহমেদ মাচুদে নিজে এটি প্রবন্ধ লিখিছে। তাত তেওঁ দ্ব্যর্থহীন ভাষাত লিখিছে, ‘পানশ্বিৰ উপত্যকাৰ পৰা লিখিছাে, মই মােৰ পিতৃয়ে এৰি থৈ যােৱা স্থানৰ পৰাই পুনৰ এবাৰ তালিবানৰ প্ৰত্যাহ্বান ল’বলৈ প্ৰস্তুত।

অস্ত্র-শস্ত্র, বােমা-বাৰুদৰ কোনাে অভাৱ নাই। কাৰণ মােৰ পিতৃৰ সময়ৰ পৰাই আজিৰ এই দিনৰ বাবে প্রস্তুতি আৰম্ভ হৈছিল। আমি জানিছিলাে যে এনে এটা দিন আহিব। ‘লগতে এই যুঁজত আফগান সেনাৰ সহায় লাভ কৰিছে বুলিও তেওঁ দাবী কৰিছে। এই পর্যন্ত কোনাে বহিৰাগতই দখল কৰিবলৈ সমৰ্থ নােহােৱা পানশ্বিৰ উপত্যকাক তেওঁ স্বাধীন কৰি ৰাখিব পাৰিব নে, সমগ্র বিশ্বৰে দৃষ্টি ইয়াত আবদ্ধ হৈ আছে।

Exit mobile version