আফগানিস্তানক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে

1567584317 7764

আফগানিস্তানৰ পৰিস্থিতিৰ বিষয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে টেলিফোনযোগে কথা পাতিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

মঙলবাৰে এই আলোচনাৰ পাছত টুইট কৰি নিজে এই কথা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে । আফগানিস্তানৰ পৰিস্থিতিৰ লগতে ক’ভিড পৰিস্থিতিৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

টুইটত মোদীয়ে লিখিছে, “আফগানিস্তানৰ পৰিস্থিতিক লৈ মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনৰ স’তে বিতংভাৱে আলোচনা কৰা হৈছে। ক’ভিড পৰিস্থিতি আৰু আন কিছুমান দ্বিপাক্ষিক বিষয়ৰ বিষয়েও আলোচনা হৈছে। ভৱিষ্যতেও আমি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰোঁ। ‘

মোদীয়ে অলপতে আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত জাৰ্মান চাঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ স’তেও কথা পাতিছিল। সেই বৈঠকত শান্তি আৰু নিৰাপত্তাৰ বিষয়ে আলোচনা কৰা হৈছিল।

Exit mobile version