ভাল টোপনিৰ বাবে কি কৰিব ?

woman sleeping asleep alone bed 1200x628 facebook

বিশেষজ্ঞৰ মতে,শৰীৰ সুস্থ ৰাখিবলৈ প্ৰত্যেক দিনে ছয় ঘণ্টাৰ পৰা আঠ টোপনিৰ প্ৰয়োজন ।

টোপনি সঠিক নহ’লে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে ।ওজন বৃদ্ধিৰ পৰা মূৰৰ বিষৰ লৈকে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে।

বিশেষজ্ঞসকলে জনাইছে ,যদি কাৰোবাৰ ভাল টোপনি নহাৰ সমস্যা থাকে ,তেন্তে কেইটামান সৰু উপায় মানি চলিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব ।

শুৱাৰ সময়ত টিভি চলাব নালাগে ।অতি প্ৰয়োজন নহ’লে মোবাইল চাইলেণ্ট কৰি ৰাখক নহ’লে বন্ধ কৰি ৰাখক।

বিশেষজ্ঞই জনাইছে,শুৱাৰ সময়ত দুটা ভৰিৰ মাজত এটা গাৰু ৰাখি শুলে টোপনি ভাল হয়।

টোপনি যোৱাৰ আগতে সঠিক ভাবে শুৱা জৰুৰী ।

কামৰ মাজত টোপনি আহিলে শুব নালাগে।টোপনি অহাৰ সময়ত কৰোৱাৰ লগত কথা পাতি টোপনিটো ভাঙিব লাগে।তেতিয়া ৰাতি ভাল টোপনি আহিব ।

যদি কোনহ নিৰ্দিষ্ট সময়ত উঠাৰ প্ৰয়োজন নাই তেনেহলে এলাৰ্ম ঘড়ীটো ওচৰত ৰাখিব নালাগে।

এটা নিৰ্দিষ্ট সময়ত শুৱাৰ পৰা উঠিবলৈ অভ্যাস কৰক।যাতেএলাৰ্মৰ প্ৰয়োজন নহয়।

গোটেই দিনটোত এটা সময়ত কিছু পৰিমাণে শৰীৰ চৰ্চা কৰিলে ভাল টোপনি আহিব।

Exit mobile version