ডেল্টাৰ শক্তি বাঢ়োতেই প্ৰতিষেধকৰ কার্যকাৰিতা কমিছে, বিশেষজ্ঞসকলৰ আস্থা অৱশ্যে টিকাকৰণেই

ডেল্টাৰ নতুন ৰূপ বিয়পি পৰাত দুর্বল হৈ পৰিছে প্ৰতিষেধকৰ কার্যকাৰিতা । প্রথম শাৰীৰ কৰ’না যোদ্ধাসকলে নিয়মিত কৰ’না ৰোগীসকলৰ সংস্পৰ্শত আহে, সম্প্রতি তেওঁলোকক লৈও এটা সমীক্ষা চলোৱা হৈছিল । সমীক্ষাত পোৱা গৈছে, সম্পূর্ণ প্ৰতিষেধক লোৱাৰ পাছত ডেল্টাৰ নতুন ৰূপৰ সংস্পর্শত অহা কৰ’না যোদ্ধাসকলৰ দেহত টিকাৰ কার্যকাৰিতা কমিছে ।

সমীক্ষাত পোৱা তথ্য বিশ্লেষণ কৰিছে আমেৰিকাৰ চেন্টাৰ অৱ ডিজিজ কন্ট্র’ল (চিডিচি)য়ে । সংস্থাটোৰ মন্তব্য, ‘যদিও সমীক্ষাত পোৱা তথ্য মতে প্ৰতিষেধকৰ প্রভাৱ সামান্য কমিছে । কিন্তু কমাৰ পাছতো প্ৰতিষেধকৰ যি ক্ষমতা থাকি যায় তাক নাকচ কৰিব নোৱাৰি ।’

চিডিচি বিশেষজ্ঞসকলে জনাইছে, টিকাৰ ক্ষমতা এক তৃতীয়াংশ কমিছে বুলি জনোৱা হৈছে তথ্যটোত । কিন্তু তাৰ পাছতো দুই-তৃতীয়াংশ ৰোগ প্রতিৰোধ ক্ষমতাৰ অৱশিষ্ট থাকে । কৰ’না প্রতিৰোধৰ বাবে এই ক্ষমতা যথেষ্ট ।

ডেল্টা ৰূপৰ প্রভাৱত টিকাৰ ক্ষমতা কমি যোৱা কথা ইয়াৰ আগতে ইজৰাইল আৰু ব্রিটেইনৰ বিশেষজ্ঞসকলে কৈছিল । আমেৰিকাৰ সমীক্ষাত পোৱা তথ্য‌ই সেই তত্ত্বক সঠিক প্রমাণ কৰিলেও বিষয়টোক অতিৰিক্ত গুৰুত্ব দিব নিবিচাৰে আমেৰিকাই । অৱশ্যে প্রকাশ্যত গুরুত্ব নিদিলেও ইতিমধ্যেই প্রথম শাৰীৰ কৰ’না যোদ্ধাসকলক বুষ্টাৰ টিকা দিয়াৰ প্রস্তুতি আৰম্ভ কৰিছে বাইডেন প্রশাসনে ।

Exit mobile version