ধিঙত আৰক্ষীৰে দুৰ্বৃত্তৰ প্ৰচণ্ড গুলীয়াগুলি

নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত এক নম্বৰ কান্ধুলিমাৰীত কালি নিশা অভিযানকাৰী আৰক্ষীৰ দল এটাৰ স’তে দুৰ্বৃত্তৰ প্ৰচণ্ড গুলীয়াগুলি হয় । এই গুলীয়াগুলিৰ ঘটণাৰ মাজতে আৰক্ষীয়ে লগত লৈ অভিযান চলোৱা চৰৰ কুখ্যাত মাতব্বৰ, ড্ৰাগছ মাফিয়া, ভূ মাফিয়া নুৰ হুছেইন (৩৭) গুলিবিদ্ধ হয় ।

ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় বৰ্মনে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, কালি নিশা ধিং আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই চৰাঞ্চলৰ কুখ্যাত মাতব্বৰ, ড্ৰাগচ সৰবৰিহকাৰী তথা ভূ মাফিয়া নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল ।

ধিং আৰক্ষীয়ে নুৰ হুছেইনক কৰায়ত্ত কৰি নিশা অভিযান চলাইছিল অন্য কেইজনমান অপৰাধীৰ বিৰুদ্ধে । কিন্তু আৰক্ষীৰ দলটোৱে অভিযান সামৰি উভতি আহি থকা সময়তেই কেইজনমান দুবৃৰ্ত্তই পিষ্টলেৰে আৰক্ষীলৈ লক্ষ্য কৰি গুলি চালনা কৰে । প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলি চালনা কৰিবলৈ বাধ্য হয় । দুয়োপক্ষৰ গুলীয়াগুলীৰ মাজতেই গুলিবিদ্ধ হয় নুৰ হুছেইন নামৰ ধৃত অপৰাধীজন ।

ভৰিত গুলি লাগে নুৰ হুছেইনৰ। গুলিবিদ্ধ নুৰ হুছেইনক ধিং আৰক্ষীয়ে ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি তেওঁ আৰক্ষীৰ জিম্মাত চিকিৎসালয়খনতেই চিকিৎসাধীন হৈ আছে, যদিও তেঁওৰ অৱস্থা সংকটমুক্ত বুলি চিকিৎসালয়ৰ সূত্ৰই জনাইছে ।

উল্লেখ্য যে, যোৱা ২২ আগষ্টত চৰৰ কুখ্যাত মাতব্বৰ, ভূ মাফিয়া নুৰ হুছেইনৰ নেতৃত্বত ২০-২৫ জনীয়া এটা অস্ত্ৰধাৰী দলে একে অঞ্চলৰে উৰজত আলিকে ধৰি আঠজন লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল । আক্ৰমণত উৰজত আলীক পিষ্টলেৰে গুলিয়াইছিল নুৰ হুছেইনে । উৰজত আলি বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে । তেতিয়াৰ পৰাই নগাওঁ আৰক্ষীয়ে নুৰ হুছেইনৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছিল ।

আনহাতে, স্থানীয় ৰাইজৰ অভিযোগ,‌ নুৰ হুছেইন নামৰ এই দুবৃৰ্ত্তজনৰ পৰিয়ালৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী । নুৰ হুছেইনৰ পৰিয়ালটোৰ একাধিক সদস্যৰ হাতে-হাতে পিষ্টল থকাৰ কথা সংবাদ মাধ্যমক অৱগত কৰাৰ লগতে গাঁৱৰ জীয়ৰী বোৱাৰীও সুৰক্ষিত নহয় নুৰ হুছেইনৰ পৰিয়ালৰ অত্যাচাৰত বুলি অভিযোগ কৰিছে । তাৰোপৰি নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগতো জড়িত দুৰ্ধৰ্ষ নুৰ হুছেইনৰ পৰিয়াল । এই কথা সদৰী কৰিছে আৰক্ষী সূত্ৰই ।

Exit mobile version