সংশয় গৃহযুদ্ধৰ ! স্থায়ী চৰকাৰ গঠন কৰিবলৈ আফগান নেতাসকলৰ সহায় বিচাৰিছে তালিবানে

1629962751 main

চৰকাৰ গঠনৰ পূৰ্বে অতি সতৰ্কতাৰে পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে তালিবানে । তেওঁলোকে পুনৰ ১৯৯০ৰ পুনৰাবৃত্তি হোৱাটো নিবিচাৰে । তেওঁলোকে আফগানিস্তানক পুনৰ গৃহযুদ্ধত জৰ্জৰিত হোৱাটো নিবিচাৰে । এনে পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবেই তালিবানে আফগানৰ প্ৰভাৱশালী নেতাসকলৰ সহায় বিচাৰিছে । তেওঁলোকে উজবেক, তাজিক আৰু হাজাৰা সম্প্ৰদায়ৰ প্ৰতিনিধিসকলক লৈ এটা স্থায়ী চৰকাৰ গঠন কৰিব বিচাৰে ।

চৰকাৰ গঠনৰ বাবে তালিবানে যিসকল নেতাৰ সহায় বিচাৰে তেওঁলোক হৈছে গুলবুদ্দিন হেকমতিয়াৰ, হামিদ কাৰ্জাই, আতা মহম্মদ নুৰ, মহম্মদ কৰিম খলিলি, অমৰুল্লা ছালেহ, আহমদ মাছুদ, আব্দুল ৰছিদ দোস্তম আৰু আবদুল্লা । স্থায়ী চৰকাৰ গঠন কৰিবলৈ এই আঠজন নেতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি ধাৰণা কৰিছে তালিবানে । সেয়ে ইতিমধ্যে তেওঁলোকৰ স’তে আলোচনা আৰম্ভ কৰিছে তেওঁলোকে ।

গুলবুদ্দিন হেকমতিয়াৰ‌ হৈছে আফগানিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী । হিজব-এ-ইছলামি দলৰ প্ৰভাৱশালী নেতা । তেওঁ আমেৰিকাৰ ম’ষ্ট ৱাণ্টেড্ সন্ত্ৰাসবাদীৰ তালিকাত আছে ।

হামিদ কাৰ্জাই আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি । নৰ্ডাৰ্ন এলায়েন্সৰ প্ৰধান আহমদ শ্বাহৰ মাছুদৰ উপদেষ্টা আছিল আবদুল্লা । তেওঁ এজন চিকিৎসকৰ লগতে ৰাজনীতিকো । এসময়ত তালিবান আৰু ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে যুঁজ দিছিল । তাজিক গোষ্ঠীৰ নেতা আব্দুল্লা এতিয়া তালিবানৰ স’তে আলোচনাত মিলিত হ’ব ।

উজবেক নেতা আৰু আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আব্দুল ৰছিদ দোস্তম । তেওঁ ১৯৯৬-২০০১ পৰ্যন্ত নৰ্ডাৰ্ন এলায়েন্সৰ গুৰুত্বপূৰ্ণ নেতা আছিল । তেওঁৰ বিৰুদ্ধে গণহত্যা, ধৰ্ষণসহ একাধিক গোচৰ আছে ।

অমৰুল্লা ছালেহ আশ্ৰফ ঘানি চৰকাৰৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি । চোৰাংচোৱা প্ৰধানো আছিল । সম্প্ৰতি তেওঁ তালিবানৰ পৰা পানশ্বিৰ উপত্যকা ৰক্ষা কৰিছে ।

আহমেদ মাছুদে নৰ্ডাৰ্ন এলায়েন্সৰ প্ৰধান আৰু তাজিক মুজাহিদীন কামাণ্ডাৰ আহমদ শ্বাহ মাছুদৰ পুত্ৰ । অমৰুল্লা ছালেহৰ স’তে জোঁট বান্ধি পানশ্বিৰ উপত্যকাত তালিবানৰ বিৰুদ্ধে যুঁজ দিছে ।

আতা মহম্মদ নুৰ প্ৰভাৱশালী তাজিক নেতা । তেওঁ আফগানিস্তানৰ বলখ প্ৰদেশৰ গভৰ্নৰ আছিল । ঘানি চৰকাৰৰ আমোলত তেওঁ প্ৰত্যাহাৰ কৰা হয় ।

মহম্মদ কৰিম খলিল আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি । হাজাৰ সম্প্ৰদায়ৰ প্ৰভাৱশালী নেতা ।

Exit mobile version