কাবুলৰ কাৰাগাৰৰ পৰা মুক্ত জ‌ইছ-ই-মহম্মদ সন্ত্ৰাসবাদীক প্ৰশিক্ষণ মাছুদৰ

ভাৰতত আক্ৰমণৰ আশংকা

swarajya 2021 08 7badbb0d 2780 45cc a974 3b68c75839ee azhar 1567999127

তালিবানে কাবুল দখল কৰাৰ পাছৰে পৰা আফগানিস্তানৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে শতাধিক জ‌ইছ-ই-মহম্মদ (জে ই এম)ৰ সন্ত্ৰাসবাদীয়ে । জম্মু-কাশ্মীৰসহ ভাৰতৰ বিভিন্ন প্ৰান্তত অনুপ্ৰৱেশ কৰি ভয়াবহ বিস্ফোৰণ সংঘটিত কৰা আৰু নানা ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে জে ই এমৰ এইসকল সন্ত্ৰাসবাদীয়ে ।

জে ই এমৰ নেতাৰ স’তে যোগাযোগ ৰখা এনে ব্যক্তিয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰা বিভিন্ন ‘প’ষ্ট’ৰ জৰিয়তে ভাৰতীয় চোৰাংচোৱাই লাভ কৰা তথ্য অনুসৰি, জ‌ইছ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰে সম্প্ৰতি এই শতাধিক সন্ত্ৰাসবাদীক বিভিন্ন কূটাঘাতমূলক কাম-কাজৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে । কেনেকৈ আৰু কোন পথেৰে ভাৰতত প্ৰৱেশ কৰিব পাৰি, কোন পথেৰে কাশ্মীৰত প্ৰৱেশ সহজ – এইবোৰ বিষয়ত জে ই এমৰ মুৰব্বীজনে সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যসকলক সম্প্ৰতি প্ৰশিক্ষণ দিছে । ভাৰতৰ চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাই শেহতীয়াভাৱে এনে উদ্বেগজনক তথ্য লাভ কৰিলে ।

চোৰাংচোৱাৰ এজন শীৰ্ষ বিষয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰি কয়, ‘যোৱা সপ্তাহতে মাছুদ আজহাৰে উক্ত সন্ত্ৰাসবাদীৰ স’তে আলোচনাত মিলিত হোৱাৰ খবৰ আমি লাভ কৰিছো । এই বৈঠকতে ভাৰতত আক্ৰমণৰ বাবে জে ই এমৰ সদস্যসকলক সেউজ সংকেত দিলে মাছুদে । কাশ্মীৰসহ ভাৰতৰ বিভিন্ন অঞ্চলত এটাৰ পাছত আন এটা বৃহৎ বিস্ফোৰণ আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে মাছুদ বাহিনীয়ে পৰিকল্পনা যুগুত কৰিছে । এই ক্ষেত্ৰত তালিবানেও জে ই এমৰ নেতৃত্বক সহায়ৰ আশ্বাস দিছে । জে ই এমৰ নেতৃত্বৰ স’তে তালিবানৰ শীৰ্ষ নেতাই একাধিক বৈঠকত মিলিত হৈছিল ।

জ‌ইছ-ই-মহম্মদৰ বহু সন্ত্ৰাসবাদীক আফগানিস্তানৰ বিভিন্ন প্ৰদেশৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ চৰকাৰে । কিন্তু যোৱা ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পাছত কপাল ফুলিল জে ই এমৰ বন্দী সন্ত্ৰাসবাদীসকলৰ । তালিবানে ক্ষমতা লাভৰ পাছতে আফগানিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা জে ই এমৰ নেতাসকলক মোকলাই দিয়ে ।

ভাৰতৰ বিভিন্ন নিৰাপত্তা আৰু চোৰাংচোৱাৰ খবৰ অনুসৰি, আফগানিস্তানৰ বিভিন্ন জিলাৰ পৰা মুক্তি লাভ কৰা এইসকল জে ই এমৰ সন্ত্ৰাসবাদীৰ মাজৰ পৰা কমেও ১০০ জনক নিৰ্বাচন কৰি সম্প্ৰতি মাছুদ বাহিনীয়ে প্ৰশিক্ষণ দিছে । এই শতাধিক সন্ত্ৰাসবাদীক ভাৰতত কূটাঘাত সংঘটিত কৰিবলৈ জে ই এমে প্ৰেৰণ কৰিব আৰু তেওঁলোকৰ প্ৰথম লক্ষ্য হ’ব জম্মু-কাশ্মীৰ ।

ভাৰতীয় চোৰাংচোৱাই লগতে খবৰ লাভ কৰিছে যে কাবুল দখল কৰাৰ পাছতে তালিবানৰ স’তে একাধিকবাৰ বৈঠকত মিলিত হৈছিল জে ই এমৰ শীৰ্ষনেতাই । চোৰাংচোৱাৰ প্ৰতিবেদনত দাবী কৰা অনুসৰি, পাকিস্তানৰ সেনা বাহিনীয়ে ছলে-বলে কৌশলৰে কাশ্মীৰত সন্ত্ৰাসবাদীক অনুপ্ৰৱেশৰ অপেচেষ্টা দীৰ্ঘদিন ধৰি চলাই আহিছে । এই ক্ষেত্ৰত পাকিস্তান কেতিয়াবা সফল আৰু আন কেতিয়াবা বিফল হৈছে । কাবুলত তালিবানৰ স’তে জে ই এমৰ নেতাই যোৱা সপ্তাহত বৈঠকত অংশ লোৱাৰ পাছত পাক সেনা বাহিনী আৰু পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনসমূহো এই বিষয়ত উৎসাহিত হৈ উঠিছে বুলি ভাৰতীয় চোৰাংচোৱাই প্ৰতিবেদনত উল্লেখ কৰিছে ।

চোৰাংচোৱাৰ খবৰ অনুসৰি, আফগানিস্তানত যে আকৌ এবাৰ তালিবানে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে, ইয়াৰ ইংগিত কে’বামাহ পূৰ্বেই স্পষ্ট হৈছিল । সেই সময়তে ধাৰণা কৰা হৈছিল যে তালিবানৰ সহযোগিতাত কাশ্মীৰত পুনৰ জ‌ইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে উগ্ৰমূৰ্তি ধাৰণ কৰিবলৈ প্ৰস্তুতি চলাইছে । সেয়েহে সম্প্ৰতি কাশ্মীৰত আত্মগোপন কৰি থকা জ‌ইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ সন্ধানত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান ব্যাপক কৰি তুলিছে ।

যোৱা ৩১ জুলাইত ভাৰতীয় সেনাৰ স’তে হোৱা এক সংঘৰ্ষত কাশ্মীৰৰ পুলৱামাৰ ত্ৰালৰ হাগাংলমাৰ্গ অৰণ্যত আত্মগোপন কৰি থকা জে ই এমৰ দুজন পাকিস্তানী কামাণ্ডাৰ মহম্মদ ইছমাইল আৰু আব্দুল ৰছিদ ঘাজি নিহত হৈছিল । ভাৰতীয় সেনাই দাবী কৰা অনুসৰি, ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত জ‌ইছ-ই-মহম্মদে চিআৰপিএফক লক্ষ্য হিচাপে যি ভয়াবহ আক্ৰমণ সংঘটিত কৰিছিল, এই ঘটনাৰ মূল পৰিকল্পক আছিল ইছমাইল আৰু আব্দুল ।

দীৰ্ঘদিন ধৰি কাশ্মীৰ উপত্যকাত ইছমাইল আৰু আব্দুলে স্থানীয় যুৱকক জ‌ইছ-ই-মহম্মদত যোগদান কৰিবলৈকো প্ৰৰোচিত কৰি আহিছিল । চোৰাংচোৱাৰ শংকা অনুসৰি, এই দুই সন্ত্ৰাসবাদীক সেনাই ধৰাশায়ী কৰাৰ প্ৰতিৰোধ ল’বলৈ জে ই এমে কাশ্মীৰত যিকোনো সময়তে ভয়াবহ আক্ৰমণ সংঘটিত কৰিব পাৰে । ইয়াৰ প্ৰস্তুতিৰ উদ্দেশ্যৰে যোৱা সপ্তাহত কাবুলত তালিবান নেতাৰ স’তে বৈঠকত অংশ লৈছিল জ‌ইছ-ই-মহম্মদৰ নেতা মাছুদে ।

Exit mobile version