টকিঅ’ পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো সোণ জয়, শ্বুটিঙত বিশ্ব অভিলেখ গঢ়িলে অৱনী লেখাৰাই

ryk2zo5a9jnzch9zajzr

ইতিহাস ৰচিলে অৱনী লেখাৰাই । টকিঅ’ পেৰালিম্পিকত সোণৰ পদক জয় কৰিলে ভাৰতে । ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত সোণ জয় কৰিলে অৱনীয়ে । প্ৰথম ভাৰতীয় মহিলা হিচাপে পেৰালিম্পিকত সোণ জয় কৰিলে অৱনীয়ে ।

মাত্ৰ ১৯ বছৰ বয়সতে সোণ জয় কৰিলে খেলুৱৈগৰাকীয়ে । পেৰালিম্পিকৰ কৰ্তৃপক্ষই টুইট কৰে, ‘সোণৰ দিন । শ্বুটিঙত ভাৰতৰ প্ৰথম পদক আৰু সেইটোও সোণ । অৱনীয়ে বিশ্ব অভিলেখ গঢ়িলে । অলিম্পিক আৰু পেৰালিম্পিকৰ ভিতৰত অৱনীয়ে প্ৰথম মহিলা যিয়ে সোণ জয় কৰিছে ।’

 

Exit mobile version