তেজপুৰ আৰু গুৱাহাটীৰ পৰা আৰম্ভ হোৱা ” আজাদী কা অমৃত মহোৎসৱ” ৰ চাইকেল যাত্ৰা আজি গোসাঁইগাঁৱৰ মাটিয়াজুৰিস্থিত ৩১ নম্বৰ এছ এছ বিৰ মুখ্য কাৰ্যালয়ত আহি উপস্থিত হয়।
তেজপুৰ আৰু গুৱাহাটীৰ পৰা দিল্লীৰ ৰাজঘাটলৈ যাবলগীয়া এছ এছ বিৰ চাইকেল যাত্ৰাক আজি গোসাঁইগাঁও মহকুমাৰ মাটিয়াজুৰিস্হিত এছ এছ বিৰ ৩১ নং বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক উৎসৱমুখৰ পৰিবেশত উষ্ম আদৰণি জনায় এছ এছ বিৰ উচ্চপদস্থ বিষয়া সকলে।
চাইকেল ৰেলিত অংশ গ্ৰহণ কৰা জোৱান সকলক ফুলাম গামোচা দি আদৰণি জনাই উৎসাহ যোগায়।উক্ত অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা, এছ এছ বিৰ কমাণ্ডেণ্ট দেৱেন্দ্ৰ সিং, মুখ্য বিজ্ঞানী ড০ সুনিল পাল, আদি কৰি বহু অতিথি উপস্থিত থাকে।
৪৭ জনীয়া সদস্যৰ চাইকেল ৰেলিত অংশ গ্ৰহণ কৰা জোৱান সকলক বিভিন্ন নৃত্য গীতেৰে আদৰি লোৱা হয়।উল্লেখ্য যে অহা দুই অক্টোবৰ অৰ্থাৎ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিনা দিল্লীৰ ৰাজঘাটত গৈ চাইকেল ৰেলীখনৰ সমাপ্তি হ’ব।