কোকৰাঝাৰ শক্তি বিভাগত যোগ্যতাৰ তালিকাত নাম থকা স্বত্বেও নিযুক্তিৰ পৰা বঞ্চিত একাংশ প্ৰাৰ্থী

শীঘ্ৰে নিযুক্তি প্ৰদানৰ দাবীত শক্তি মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

22579269 534d 4774 8cef 47939aacfc7c

বিটিআৰৰ হাৰ্ট লেণ্ড কোকৰাঝাৰ জিলাত বিদ্যুৎ বিভাগৰ কোকৰাঝাৰ চক্ৰৰ অধীন ৩৫ জন প্ৰাৰ্থী যোগ্যতাৰ তালিকাত নাম থকা স্বত্বেও নিযুক্তিৰ পৰা বঞ্চিত হৈছে । সেয়ে যোগ্যতা থকা প্ৰাৰ্থীসকল এতিয়া নেতা-মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘুৰিবলগীয়া হৈছে । ২০১৩তে বিদ্যুৎ বিভাগে অনুষ্ঠিত কৰা যোগ্যতাৰ পৰীক্ষাত উত্তীৰ্ন হোৱা স্বত্বেও যোগ্যতা নথকা প্ৰাৰ্থীক নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিযুক্তি বঞ্চিত প্ৰাৰ্থীসকলে ।

আজি এক সাক্ষাৎকাৰত নিযুক্তি বঞ্চিত প্ৰাৰ্থীসকলে কয় যে যোগ্যতাৰ তালিকাত আমাৰ নাম থকাৰ উপৰিও আমি আইটিআই পাছ কৰিছো তেনে ক্ষেত্ৰত আমাক নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰখাটো বৰ দুৰ্ভাগ্যজনক ।

কোকৰাঝাৰত অসম চৰকাৰৰ শক্তি মন্ত্ৰী উপস্থিত হোৱাত সোনকালে নিযুক্তি প্ৰদানৰ দাবী জনাই এখন স্মাৰক পত্ৰও প্ৰদান কৰে ।

Exit mobile version