জম্মু-কাশ্মীৰৰ উন্নয়নৰ মূল বাধা আছিল বিশেষ মর্যাদাঃ অমিত শ্বাহ

gujarat amit shah reviews development works underway in his lok sabha constituency

জম্মু-কাশ্মীৰৰ অনুন্নয়নৰ মূল কাৰণ বিশেষ মর্যাদা বুলি মন্তব্য কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে । আজি জম্মু-কাশ্মীৰৰ বাবে নিউ চেণ্ট্ৰেল চেক্টৰ স্কিমৰ অধীনত এটি ৱেব প’র্টেলৰ উদ্বোধনত এই মন্তব্য কৰি তেওঁ কয়, ‘‘সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত উপত্যকাৰ সার্বিক পৰিৱেশত পৰিৱর্তন হৈছে ।’’

জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দলসমূহৰ তীব্র বিৰিধিতা স্বত্ত্বেও ২০১৯ ৰ আগষ্টত জম্মু-কাশ্মীৰৰ বিশেষ মর্যাদা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় নৰেন্দ্র মোদী চৰকাৰে । বিলুপ্ত হয় এই অনুচ্ছেদৰ অন্তর্গত ৩৫-এ ধাৰাও । তদুপৰি ৰাজ্যৰ মর্যাদা হেৰুৱাই কেন্দ্রশাসিত অঞ্চলত পৰিণত হয় জম্মু-কাশ্মীৰ । আজি জম্মু-কাশ্মীৰত শিল্পক্ষেত্র উন্নয়নৰ লক্ষ্যৰে নিউ চেণ্ট্ৰেল চেক্টৰ স্কিম ২০২১ৰ অধীনত এটা ৱেব প’র্টেল ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত উদ্বোধন কৰে গৃহমন্ত্ৰী শ্বাহে ।

উক্ত অনুষ্ঠানত উপস্থিত আছিল কেন্দ্রীয় বাণিজ্যমন্ত্রী পীযূষ গয়েল আৰু প্রধানমন্ত্রী দফতৰৰ প্রতিমন্ত্রী জিতেন্দ্র সিং । এই অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে কয়, ‘‘উপত্যকাৰ উন্নয়নৰ প্রশ্নত অন্যতম বাধা হৈ আছিল ৩৭০ নং অনুচ্ছেদ । ২০১৯ত এই অনুচ্ছেদ প্ৰত্যাহাৰ হোৱাৰ পাছৰ পৰাই উপত্যকাৰ পৰিৱেশত পৰিৱর্তন আহিছে ।’’

গৃহমন্ত্ৰী শ্বাহে এই বিষয়ত বিশেষ ব্যাখ্যা নকৰে যদিও বিজেপি সূত্রৰ দাবী, জম্মু-কাশ্মীৰ কেন্দ্রশাসিত অঞ্চল হোৱাৰ পাছৰ পৰাই তাত পৰিস্থিতি পৰিৱৰ্তন হ’বলৈ লৈছে । সন্ত্রাসবাদক দমন কৰাৰ বাবে শান্তি ঘূৰি আহিছে । বিভিন্ন চৰকাৰী প্রকল্পৰ সুফল লাভ কৰিছে উপত্যকাৰ মানুহে । ঘৰে ঘৰে ৰেচন দিয়াৰ লগতে উজ্জ্বলা যোজনাৰ অধীনত গেছ সংযোগ, বিদ্যুৎ, পানী, শৌচাগাৰ নিৰ্মাণ কাৰ্য পূৰ্ণোদ্যমত চলি আছে । উপত্যকাত শান্তি ঘূৰি অহাত বহু উদ্যোগপতিয়ে বিনিয়োগত আগ্রহ প্ৰকাশ কৰিছে । কেন্দ্র‌ই জনায়, জম্মু-কাশ্মীৰত ৫০ হেজাৰ কোটি টকাৰ বিনিয়োগৰ লক্ষ্যৰে এই ৱেব প’র্টেলটো আৰম্ভ কৰা হৈছে । ফলত জম্মু-কাশ্মীৰত ১০ লাখ চাকৰীৰ সুযোগ প্ৰকাশ পাব বুলি দাবী কৰিছে উপৰাজ্যপাল মনোজ সিন্হাই ।

Exit mobile version