তালিবানক অভিনন্দন জনাই কাশ্মীৰক মুক্ত কৰিবলৈ আহ্বান অল-কায়দাৰ

AFGHANISTAN CONFLICT AIRPORT TALIBAN 38 1630445764532 1630445784003

সময় অতিবাহিত হােৱাৰ লগে লগে তালিবানৰ দুমুখীয়া নীতি স্পষ্ট হ’বলৈ ধৰিছে। ডােহা শান্তি চুক্তি অল-কায়দাৰ স’তে সকলাে সম্পর্ক ছিন্ন কৰাৰ প্ৰতিশ্রুতি দিছিল তালিবানে

কিন্তু বাস্তৱত ইয়াৰ বিপৰীত চিত্ৰহে প্রত্যক্ষ হ’ল। আফগানিস্তানৰ মছনদত বহা তালিবানক এইবাৰ অভিনন্দন জনালে অল-কায়দাই ৷ কেৱল এয়াই নহয়, ইছলামৰ শত্ৰুৰ হাতৰ পৰা কাশ্মীৰক মুক্ত কৰিবলৈকো আহ্বান জনালে সন্ত্রাসবাদী সংগঠন অল-কায়দাই।

মঙলবাৰে নিশা কাবুলৰ পৰা অন্তিমখন মার্কিন বিমানে উৰণ মৰাৰ পাছতে তালিবানলৈ শুভেচ্ছা বার্তা প্ৰেৰণ কৰিলে অল-কায়দাই। এই বার্তাত জেহাদী সংগঠনটোৱে কয়, ‘হে আল্লা, লেভান্ত, ছছামালিয়া, য়েমেন, কাশ্মীসহ সকলাে মুছলমান অঞ্চলক ইছলামৰ শত্ৰুৰ হাতৰ পৰা মুক্ত কৰক। বিশ্বজুৰি সকলাে মুছলমান বন্দীক মুক্তি দিয়ক।’ অল-কায়দাৰ এই আহ্বানৰ পাছতে কাশ্মীৰত সন্ত্রাসবাদীৰ আক্ৰমণৰ সম্ভাৱনা প্ৰকট হৈছে।

Exit mobile version