ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনত অসম ক্ৰীড়া পেঞ্চন দিৱস উদযাপন

গোহাঁইগাঁৱত অনুষ্ঠিত হাফ মেৰাথন দৌৰ

গোসাঁইগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি অসম ক্ৰীড়া পেঞ্চন দিৱস পালন কৰা হয়।অসমৰ ভিতৰত প্ৰথম অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনৰ লগত সংগতি ৰাখি এইবাৰ চৰকাৰে ৰাজ্য জুৰি অসম ক্ৰীড়া পেঞ্চন দিৱস উদযাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰিছে।

সেই উদ্দেশ্যে আজি গোসাঁইগাঁৱৰ পাকৰিগুৰি খেল পথাৰৰ পৰা বাজৰাবিল লৈ হাফ মেৰাথন দৌৰৰ আয়োজন কৰে গোসাঁইগাঁও জিলা ক্ৰিড়া সন্হাই।

উক্ত মেৰাথন দৌৰত ৫১ গৰাকী যুৱক অংশগ্ৰহণ কৰে।মেৰাথন দৌৰ ফ্লেগ অফ্ কৰি মুকলি কৰে অসম ফুটবল সন্থাৰ সম্পাদক তথা গোসাঁইগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি হেমেন্দ্ৰ নাথ ব্ৰহ্মই । লগত উপস্থিত থাকে গোসাঁইগাঁও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ৰহিন্দ্ৰ কুমাৰ ব্ৰহ্ম।

Exit mobile version