দিল্লী বিধানসভাৰ পৰা লালকিল্লালৈকে গোপন সুৰংগ উদ্ধাৰক লৈ গভীৰ ৰহস্য

88943324 t3

চান্দনী চ’কৰ লালকিল্লাৰ পৰা দিল্লী বিধানসভা পৰ্যন্ত আছে এক গভীৰ সুৰংগ পথ । এনে এক সুৰংগৰ কথা বহুদিন পূৰ্বৰে পৰা শুনিবলৈ পোৱা গৈছিল যদিও ইমানদিনে ইয়াৰ সন্ধান কোনেও উলিয়াব পৰা নাছিল । তন্ন-তন্নকৈ অনেক বিচাৰিও গোপন সুৰংগ পথৰ সন্ধান লাভ কৰা হোৱা নাছিল; কিন্তু বৃহস্পতিবাৰে হঠাৎ সন্ধান ওলাল এই ৰহস্যময় সুৰংগৰ । দিল্লী বিধানসভাৰ পৰা লালকিল্লাৰ দূৰত্ব চাৰে পাঁচ কিলোমিটাৰৰ সামান্য অধিক । অনুমান অনুসৰি, এই সুৰংগ পথটোৰ দৈৰ্ঘ্য‌ও সমান হ’ব ।

বৃহস্পতিবাৰে দিল্লী বিধানসভাৰ এটি কোঠাত প্ৰথম সুৰংগমুখৰ সন্ধান লাভ কৰা হৈছিল । কৃত্ৰিম সেউজীয়া কাৰ্পেট কাটি উদ্ধাৰ কৰা হয় সুৰংগৰ গুপ্ত লোহাৰ দৰ্জা । এই দৰ্জা আঁতৰোৱাৰ পাছতে প্ৰত্যক্ষ হয় উক্ত গভীৰ সুৰংগ পথ । ইতিহাসবিদৰ অনুমান মতে, প্ৰায় ১০০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই সুৰংগ পথ । দীৰ্ঘ বছৰ কোনো চোৱা-চিতা অবিহনে পৰিত্যক্ত হৈ থকা এই সুৰংগ পথটো বৰ্তমানে কি অৱস্থাত আছে আৰু ই যাতায়াতৰ উপযুক্ত হৈ আছে নে নাই – সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

দিল্লী বিধানসভাত উদ্ধাৰ হোৱা এই সুৰংগক লৈ স্বাভাবিকতে দেশজুৰি কৌতুহলৰ সৃষ্টি হৈছে । কোনে আৰু কিয় এই সুৰংগ নিৰ্মাণ কৰিছিল, তাক লৈও জল্পনা-কল্পনা অব্যাহত আছে । অৱশ্যে একাংশ ইতিহাসবিদে এই সুৰংগ পথৰ স’তে ব্ৰিটিছ ৰাজত্বৰ সম্পৰ্কৰ সন্ধান লাভ কৰিছে ।

ইতিহাসবিদে প্ৰকাশ কৰা অনুসৰি, ১৯১২ বৰ্ষত কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল ভাৰতৰ ৰাজধানী । দিল্লী বিধানসভাক ১৯২৬ বৰ্ষত আদালত হিচাপে ব্ৰিটিছে ব্যৱহাৰ কৰিছিল । সম্ভৱত সেই সময়তে এই সুৰংগটো তৈয়াৰ কৰা হৈছিল । বন্দী-বিপ্লৱীসকলক আদালতত হাজিৰ কৰাবলৈ ব্ৰিটিছ সৈন্য‌ই হেনো এই সুৰংগ পথ ব্যৱহাৰ কৰিছিল । ফলত কোনো বন্দীৰ বাবে আদালতলৈ অহা-যোৱা কৰাৰ সময়ত পলায়নৰ সুযোগ নাছিল । সুৰংগ পথত বন্দীৰ বাবে থকাৰ গৃহ আছিল বুলিও ইতিহাসবিদসকলে অনুমান কৰিছে । অৱশ্যে উক্ত ঘৰৰ কোনো সন্ধান এই মুহূৰ্তলৈকে লাভ কৰা হোৱা নাই । কেৱল সুৰংগ মুখৰ সন্ধানহে লাভ কৰা হৈছে ।

দিল্লী বিধানসভাৰ অধ্যক্ষ ৰামনিবাস গোৱেলে প্ৰকাশ কৰা অনুসৰি, সুৰংগৰ ভিতৰৰ কিছু অংশত প্ৰৱেশ কৰাৰ পাছত সন্মুখত পথ নথকাত এতিয়ালৈকে সুৰংগৰ শেষত উপনীত হোৱাৰ কোনো সম্ভাৱনা প্ৰকট হোৱা নাই । দীৰ্ঘ বছৰ ধৰি অব্যৱহৃত অৱস্থাত থকা সুৰংগৰ পথ প্ৰায় বন্ধ হোৱা বুলিও গোৱেলে সন্দেহ কৰিছে ।

ব্ৰিটিছ আমোলৰ দৰে এই সুৰংগটো পুনৰ চলাচলৰ বাবে সুচল কৰি তোলা হ’ব নে নহয় – সেয়া এতিয়াও নিশ্চিত হোৱা নাই । অৱশ্যে এই ইতিহাসৰ সাক্ষী হোৱাৰ সুযোগ সাধাৰণ লোকৰ সন্মুখলৈ অনাৰ প্ৰতিশ্ৰুতি চৰকাৰে দিছে । অতি সোনকালে এই সুৰংগৰ প্ৰয়োজনীয় মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব পাৰে ।

অহা বছৰৰ ১৫ আগষ্টত দেশবাসীৰ বাবে এই সুৰংগ পথ দৰ্শনৰ সুবিধা আগবঢ়োৱাৰ সম্ভাৱনা আছে । দিল্লী বিধানসভাৰ কোঠাত সন্ধান লাভ কৰা এই সুৰংগৰ সংকীৰ্ণ দুৱাৰ খুলিলেই প্ৰথমে দৃষ্টিগোচৰ হ’ব পাঁচফুট গভীৰ আৰু ১৫ ফুট দৈৰ্ঘ্যৰ এটা কোঠা । এই কোঠাৰ পৰাই সৰু পথেৰে সুৰংগটো আগবাঢ়ি গৈছে । সুৰংগৰ এই ঘৰটোত প্ৰৱেশ কৰি সাধাৰণ দৰ্শনাৰ্থীক ইতিহাসৰ সাক্ষী হোৱাৰ সুযোগ প্ৰদান কৰা হ’ব পাৰে । অৱশ্যে ইয়াৰ বাবে নিশ্চিতভাৱে কিছু সময়ৰ প্ৰয়োজন হ’ব ।

Exit mobile version