অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অন্তৰ্গত “দেশৰ ৭৫ তম্ স্বাধীনতা বৰ্ষৰ উদযাপন কমিটিৰ” উদ্যোগত আজি পুৱা ১০:৩০ বজাত, গুৱাহাটীৰ গান্ধী মণ্ডপত “সংকল্প গ্ৰহণ” অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই।
উক্ত সভাত উদযাপন কমিটিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে সভাৰ কাৰ্যসূচী পৰিচালনা কৰে। সভাৰ আৰম্ভণিতে গান্ধী প্ৰতিমূৰ্তিত পুষ্পঞ্জলি অৰ্পণ কৰে l মুখ্য অতিথি হেম ভাই দেবে গান্ধীজীৰ মানৱ দৰ্শনৰ ওপৰত এক সুন্দৰ বক্তব্য আগবঢ়ায় I সভাত প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, বলীন কুলি, মাধৱ ৰাজবংশী, আব্দুল হামিড, এ পি চি চি ৰ নৃপেন ঠাকুৰীয়া, অপূর্ব ভট্টাচাৰ্য উপস্থিত থাকে I