প্ৰয়োজন হ’লে ইয়াতেই প্ৰাণ ত্যাগ দিম, আইন বাতিল নোহোৱা পৰ্যন্ত দিল্লী সীমান্ত ত্যাগ নকৰো

pti09 05 2021 000049b 1630827664

উত্তৰপ্রদেশৰ মুজফানগৰত কৃষক মহাপঞ্চায়তৰ পৰা পুনৰ তীব্ৰ আন্দোলনৰ আহ্বান দিলে ভাৰতীয় কিষান ইউনিয়ন নেতা ৰাকেশ টিকায়েতে । দেওবাৰে তেওঁ মহাপঞ্চায়তৰ পৰা অহা ২৭ ছেপ্টেম্বৰত ভাৰত বন্ধৰ আহ্বান কৰে । লগতে কয়, ‘‘যেতিয়ালৈকে নতুন কৃষি আইন বাতিল নকৰে, তেতিয়ালৈকে দিল্লী সীমান্ত এৰি নাযাও । আন্দোলন অব্যাহত থাকিব ।’’

কৃষি আইনৰ বিৰোধিতা কৰি আয়োজিত মহাপঞ্চায়তত বিভিন্ন আন্দোলনৰত সংগঠনে অংশগ্ৰহণ কৰিছে । কৃষকসকলৰ তৰফৰ পৰা দাবী কৰা হৈছে, সংগঠনৰ সংখ্যা প্রায় তিনিশ । দক্ষিণৰ ৰাজ্যসমূহৰ বিভিন্ন সংগঠনেও ইয়াত অংশ লৈছে । দেওবাৰে টিকায়তে কয়, ‘‘আমি শপত গ্ৰহণ কৰিছো, আমি দিল্লী সীমান্তৰ প্রতিবাদস্থল নেৰো । যদি তাত আমাৰ শেষকৃত্য হয়, হ‌ওক । আমি প্ৰয়োজন হ’লে তাতেই জীৱন ত্যাগ দিম । যেতিয়ালৈ বিজয়ী নহ‌ও, আমি আন্দোলনস্থলী নেৰো ।’’

আন্দোলনৰ লগতে আলোচনাৰ পথো মুকলি কৰি ৰাখিব বিচাৰিছে প্রতিবাদী কৃষকসকলে । টিকায়তে কয়, ‘‘ভাৰত চৰকাৰে যদি আমাক আলোচনাৰ বাবে আমন্ত্ৰন জনায়, আমি যাবলৈ প্ৰস্তুত । অৱশ্যে লগতে কৃষকসকলৰ আন্দোলনো চলি থাকিব । যেতিয়ালৈকে আমাৰ দাবী মানি লোৱা নহয়, তেতিয়ালৈকে আমি আন্দোলন চলাই যাম । ভাৰতৰ স্বাধীনতা সংগ্রাম ৯০ বছৰ ধৰি চলিছিল । সেয়ে, আমি নাজানো আৰু কিমান দিন আমাৰ এই আন্দোলন চলিব ।’’

টিকায়তে দেওবাৰে জনায়, সমগ্ৰ দেশতেই এনে মহাপঞ্চায়ত আয়োজন কৰিব কৃষক সংগঠনসমূহৰ যৌথ মঞ্চ‌ই । লগতে তেওঁ বেচৰকাৰীকৰণৰ বিষয়েও কয় । তেওঁ কয়, ‘‘দেশ বিক্রী কৰিব বিচাৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । আমি এইবাৰৰ পৰা তেওঁৰ নাম লৈ প্রচাৰ কৰিম । সাধাৰণ মানুহক বুজাব বিচাৰিছো, কেনেদৰে দেশৰ সম্পদ বিক্রী কৰিব বিচাৰিছে মোদী ।’’

বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা কৃষকসকলৰ আন্দোলন চলি আছে । আৰম্ভণিৰ পৰাই কৃষকসকলে তিনি কৃষি আইন বাতিল কৰাৰ দাবী কৰি আহিছে । চৰকাৰৰ স’তে একাধিক আলোচনাও হৈছে, কিন্তু সমাধান সূত্র পোৱা নাই ।

Exit mobile version