‘অপছন্দৰ চৰ্ত’তো ৰাজি, চাকৰিৰ অনুমতি লাগে আফগান নাৰীক

210829091701 coren women afghanistan pkg vpx full 169

চাকৰি কৰিবলৈ দিলে বােৰখাও পৰিধান কৰিব আফগান নাৰীয়ে। তালিবানৰ প্রতি এক বিশেষ বার্তাত আফগান মহিলাকলে সমস্বৰে জনাইছে যে প্রয়ােজনত মূৰৰ পৰা ভৰি পর্যন্ত ঢাকি ৰখাৰ ‘অপছন্দৰ চৰ্তত ৰাজি হােৱাটো তেওঁলােকৰ আপত্তি নাই।

অৱশ্যে নাৰীক কর্মস্থলীলৈ যােৱাৰ অনুমতি দিব লাগিব আৰু সন্তানসকলক স্কুললৈ গৈ পঢ়া-শুনা কৰাৰ প্রাপ্য অধিকাৰ দিব লাগিব। তালিবান নিয়ন্ত্রিত আফগানিস্তানৰ হেৰাটত বৃহস্পতিবাৰে এই দাবীতে এক প্রতিবাদী বিক্ষোভত অংশ লয় প্রায় ৫০গৰাকী আফগান মহিলাই।

অৱশ্যে তালিবানে তেওঁলােকক বিক্ষোভ প্রদর্শনত বাধাপ্রদান কৰাৰ কোনাে তথ্য নাই। বিক্ষোভকাৰী মহিলাসকলে স্পষ্ট কৰি দিয়ে যে তেওঁলােকে নিজৰ অধিকাৰ সম্পর্কে অৱগত হ’বলৈ আহিছে আৰু অধিকাৰ নােপােৱা পর্যন্ত আন্দোলন অব্যাহত ৰাখিব।

যদিও তালিবানৰ তৰফৰ পৰা এই পর্যন্ত কোনাে ধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই। উল্লেখ্য যে বৃহস্পতিবাৰেই আফগানিস্তানৰ এটা টিভি চেনেলৰ এগৰাকী মহিলা সঞ্চালকে পুৱাৰ অনুষ্ঠান সঞ্চালনা কৰে। সেই সময়ত তেওঁৰ মুখত নাছিল কোনাে আতংকৰ চিন।

এই অনুষ্ঠান সম্প্রচাৰ হােৱাৰ পাছৰে পৰা আফগান নাৰী পুনৰ কামলৈ উভতিব নেকি বুলি বহুতে প্রশ্ন কৰিছিল। অনুষ্ঠানৰ সঞ্চালিকাগৰাকীয়ে অৱশ্যে মূৰৰ পৰা ভৰিলৈকে কাপােৰেৰে ঢাকি ৰাখিছিল। একমাত্র তেওঁৰ মুখখনহে ওলাই আছিল ।লক্ষ্যণীয়ভাৱে তেওঁৰ লগত আছিল পুৰুষ সহকর্মী।

সঞ্চালিকাক আপাদমস্তক বােৰখাৰ তলত দেখি বহুতেই প্রশ্ন কৰিছে। এইদৰেই আফগান মহিলাসকলে চাকৰিলৈ উভতিব লাগিব নেকি? হেৰাটত বিক্ষোভত অংশ লােৱা আফগান মহিলাসকলে কয়,‘তেওঁলােকে যদি আমাক বােৰখা পিন্ধিবলৈকো কয়, তাতে আপত্তি নাই।

কিন্তু আমাক কামলৈ উভতিবলৈ দিয়া হওক। ছােৱালীসকলক স্কুললৈ যাবলৈ দিয়া হওক। ইয়াৰ আগৰ তালিবান শাসনৰ প্ৰথম দফাত আফগানিস্তানত মহিলাক কর্মক্ষেত্রলৈ যােৱা আৰু শিক্ষাৰ অধিকাৰত নিষেধাজ্ঞা আৰােপ কৰা হৈছিল।

আনকি বােৰখা নিপিন্ধাকৈ আৰু পুৰুষ সংগী অবিহনে মহিলাৰ ঘৰৰ বাহিৰ ওলােৱাতাে নিষেধাজ্ঞা আছিল। হেৰাটৰ বিক্ষোভ প্রদর্শনকাৰীসকলৰ মাৰিয়াম নামৰ এগৰাকী মহিলাই কয়, ‘তালিবান অৱশ্যে আৰু এতিয়া আগৰ দৰে নহয় বুলি দাবী কৰিছে।

তথাপি দ্বিতীয় দফাত পৰিস্থিতিৰ কোনাে উন্নতি চকুত পৰা নাই। নিৰাপত্তাৰ অভাৱত হেৰাটৰ প্রায় সকলাে মহিলা এতিয়াও গৃহবন্দী হৈ আছে। চিকিৎসাৰ স’তে জড়িত যিসকল মহিলাই পৰিস্থিতিৰ প্ৰয়ােজনত বাধ্য হৈ কামলৈ যাবলগীয়া হৈছে, তেওঁলােক নিয়মিতৰূপে তালিবানৰ শাসন, ৰঙাচকু আৰু ইতিকিঙৰ চিকাৰ হ’বলগীয়া হৈছে।

প্রসংগক্রমে, আফগানিস্তানত ইতিমধ্যে প্রাথমিক বিদ্যালয়সমূহ খুলিবলৈ আৰম্ভ কৰিছে যদিও তালিবানে জনাইছে যে চৰকাৰ গঠন নােহােৱা পর্যন্ত পৰৱৰ্তী স্তৰৰ স্কুল শিক্ষাৰ সন্দৰ্ভত কোনাে সিদ্ধান্ত লােৱা নহ’ব।

Exit mobile version