আই আৰু মানাহ নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

গৰাখহনীয়া প্ৰতিৰোধ, গৃহহীন পৰিয়ালক প্ৰমাণপত্ৰ প্ৰদানৰ দাবী

বৰপেটা লোকসভা সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ গাঁও বৰটাৰীত আই আৰু মানাহ নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে সাংসদ আব্দুল খালেকে । উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি বেঁকী, মানাহ আৰু আই নদীৰ বিধ্বংসী খহনীয়াত ইতিমধ্যে জনীয়া, বাঘবৰ, উত্তৰ অভায়াপুৰী সমষ্টিৰ শ শ পৰিয়ালৰ ভেটি-মাটি, ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান, খেতি-পথাৰ আদি নৈৰ বুকুত জাহ গৈছে ।

সাংসদগৰাকীৰ নিজ গৃহ ভূমি বৰটাৰীতো আই আৰু মানাহ নৈৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ১০টা পৰিয়ালৰ ভেটি-মাটি উছন কৰাৰ লগতে বিকল্প ৰাজ্যিক ঘাইপথৰ পকী দলঙলৈ ভাবুকিৰ সৃষ্টি কৰিছে‌ । গৰাখহনীয়া সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে, চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰা নাই । সেই কাৰণে সমস্যাটো জটিল হৈছে ।

বিজ্ঞান সন্মতভাৱে খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান কৰাৰ লগতে খহনীয়াত গৃহহীন পৰিয়ালক প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায় ।

Exit mobile version