ৰবি শাস্ত্রীৰ আৰটি-পিচিআৰ পৰীক্ষণৰ ফলাফল পজিটিভ

ravi shastri1630923463121

দেওবাৰে ৰেপিড এন্টিজেন টেষ্ট বা ফ্লো টেষ্টত পজিটিভ হৈছিল ৰবি শাস্ত্রী । সোমবাৰে আৰটি-পিচিআৰ পৰীক্ষণতো তেওঁক কৰ’না পজিটিভ পোৱা যায় । তেওঁৰ লগতে ভাৰতীয় দলৰ বলিং প্ৰশিক্ষক ভৰত অৰুণ, ফিল্ডিং প্ৰশিক্ষক আৰ শ্রীধৰৰ আৰটি-পিচিআৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে ।

তেওঁলোক তিনিজনে লণ্ডন নিভৃতবাসত থাকিব । দলৰ বাকী সদস্যসকলে ভাৰত-ইংলেণ্ড পঞ্চম টেষ্টৰ বাবে মঞ্চেষ্টাৰত যাব । ১০ ছেপ্টেম্বৰৰ পৰা মঞ্চেষ্টাৰত ছিৰিজৰ শেষ টেষ্ট আৰম্ভ হ’ব ।

দেওবাৰে ফ্লো টেষ্ট কৰ’না ৰিপ’র্ট পজিটিভ আহে শাস্ত্রী, অৰুণ, শ্রীধৰ আৰু ফিজিঅ’ নিতিন পেটেলৰ । বোর্ড সচিব জয় শ্বাহে এক বিবৃতিত জনায়, ‘‘ভাৰতীয় দলৰ চিকিৎসকসকলে প্ৰশিক্ষক ৰবি শাস্ত্রীক নিভৃতবাসত প্ৰেৰণ কৰিছে । লগতে বলিং প্ৰশিক্ষক ভৰত অৰুণ, ফিল্ডিং প্ৰশিক্ষক আৰ শ্রীধৰ আৰু ফিজিঅ’থেৰাপিষ্ট নিতিন পেটেলকে কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হৈছে । শনিবাৰে ফ্লো টেষ্টত শাস্ত্রীৰ কৰ’না পৰীক্ষাৰ ফলাফল পজিটিভ আহে । আৰটি পিচিআৰ পৰীক্ষা কৰা হৈছে । সেই পৰীক্ষাৰ ফলৰ বাবে অপেক্ষা কৰা হৈছে ।’’

সেই পৰীক্ষাৰ ফলে সোমবাৰে পজিটিভ আহিছে । কিন্তু নিতিনৰ সন্দৰ্ভত কোনো তথ্য দিয়া নাই ।

Exit mobile version