ব্ৰিটিছ সাংসদৰ বাবে বলৱৎ পোছাক বিধি ,বজাব নোৱাৰিব হাহতালি

RTS2SCP2 e1574165469305

ব্রিটেইনৰ সাংসদসকলৰ বাবে এতিয়াৰে পৰা পােহাক বিধি (ড্রেছ ক’ড) বাধ্যতামূলক হব। দেশখনৰ কোনাে সাংসদে জিছ, কেজুৱেল অন্যান্য পােছাক, টি ছাৰ্ট অথবা স্লিভলেছ টপ পৰিধান কৰি সংসদলৈ আহিব নােৱাৰিৰ।

আনকি সদনৰ ভিতৰত সাংসদে বজাব নােৱাৰিৰ হাততালি। উল্লেখ্য যে গৰমৰ দুটীৰ পাছত বুধবাৰৰ পৰা ব্রিটিছৰ সংসদৰ কাম-কাজ আৰম্ভ হৈছে। সংসদ এই নতুন অধিবেশনৰ পৰাই ব্রিটেইনত বলবৎ হল নতুন পােছাক বিখি।

বুধবাৰে সংসদৰ অধ্যক্ষ ছাৰ লিছে হায়লে সাংসদৰ বাবে নতুন পােছাক বিধি আৰু আচৰণ বিধিৰ কথা ঘােষণা কৰো অধ্যক্ষই স্পষ্টভাৱে কয় যে এতিয়াৰে পৰা সাংসদসকলে নির্দিষ্ট সাজ-পােছাকহে সংসদত পিন্ধিব পাৰিব আৰু তেওঁলােকে সদনত হাততালি বজাব নােৱাৰিব।

সাংসদসকলক পেছাদাৰী পােছাক পৰিধানৰ নির্দেশ দিয়া হৈছে। সাংসদসকলে কেজুৱেল জোতাৰ পৰিৱর্তে ফর্মেল জোতা পিন্ধিব লাগিব। পুৰুষ সাংসদক ফর্মেল ছার্ট-পেন্টৰ লগত টাই আৰু ব্লেজাৰ পিন্ধিবলৈ কোৱা হৈছে।

সদনত থকাৰ সময়ত কোনাে সাংসদে গীত-মাত আদি গাব নােৱাৰিব। উল্লেখ্য যে ২০১৯ৰ ছেপ্টেম্বৰত লেবাৰ পাটিৰ সাংসদে সদনত গান গাই প্রতিবাদ সাব্যস্ত কৰিছিল।

Exit mobile version