ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত পশু চিকিৎসা আৰু টিকাকৰণ শিৱিৰ

WhatsApp Image 2021 09 07 at 2.37.18 PM

কৃষি বিজ্ঞান কেন্দ্ৰ, কোকৰাঝাৰৰ উদ্যোগত আৰু গোসাইগাঁও মহকুমা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত কালি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত ভাওৰামাণ্ডা আৰু বাঙটিঝোৰা গাঁৱত পশু চিকিৎসা আৰু টিকাকৰণ শিৱিৰ অনুষ্ঠিত কৰে ।‌

ভাওৰামাণ্ডা বৃহত্তৰ অঞ্চলত গৰু-মহৰ বহুকেইটা বাথান আছে । এই বাথানবোৰৰ গৰুবোৰ সাধাৰণতে মুকলি কৈ ৰখা হয়।ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলসমূহৰ গৰু, মহ, কুকুৰা, গাহৰি আদি জীৱ-জন্তুবোৰ সংক্ৰমণ ৰোগমুক্ত হৈ থাকিলে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বন্য জীৱ-জন্তুবোৰ ঘৰচীয়া জীৱ-জন্তুৰ পৰা সংক্ৰমণ ৰোগ বিয়পাব পৰা সম্ভাৱনা নাথাকিব । এই উদ্যেশৰে উক্ত অঞ্চল দুটা নিৰ্বাচন কৰি বাথানৰ কৰ্মচাৰী আৰু গৰাকীসকলক গৰু মহৰ প্ৰতিষেধক, খনিজ দ্ৰব্য, কৃমিৰ ঔষধ দিয়াৰ গুৰুত্ব বুজাই দিয়ে ।

বাঙটিঝোৰাত পশুপালক পুৰুষ মহিলা কলে ঘৰচীয়া গৰু, মহ, ছাগলী ইত্যাদিক প্ৰতিষেধক আৰু চিকিৎসাৰ বাবে চিকিৎসা শিৱিৰত লৈ আহে । পশু চিকিৎসা শিৱিৰৰ ওচৰত থকা গাহৰি পালকসকলৰ গাহৰিও পাৰীক্ষা কৰা হয় । এই কাৰ্য্যসূচীত ২৩০ টাৰো অধিক পশুক প্ৰতিষেধক প্ৰদান কৰা হয় ।

উক্ত পশু চিকিৎসা শিৱিৰত উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ, কোকৰাঝাৰৰ মুৰব্বী ডঃ মনোজ কুমাৰ ভূঞা, পশু বিশেযজ্ঞ ডাঃ নীলোৎপল দাস, গোসাইগাঁও মহকুমা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ মুনিন তালুকদাৰ, ইণ্টাৰ্নশ্বিপ ছাত্র ডাঃ পংকজ চক্ৰৱৰ্তী, ডাঃ অক্ষয় ৰয়, পশুক্ষেত্ৰ সহায়ক সুভাষ বসুমাতাৰী আৰু দিব্য দাস ।

এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত বিশেষভাৱে সহায় কৰে বাঙটিঝোৰা গাৱৰ কৃষি সখী চুনিতা টুপি আৰু লৰেঞ্জ ইছলাৰী।এই শিৱিৰটো আয়োজন কৰাত বিশেষভাৱে সহায় কৰে বিষয়বস্তু বিশেযজ্ঞ ডঃভূপেন কুমাৰ বৈশ্য আৰু আঁচনি সহায়ক দীপাংকৰ শইকীয়াই ।

Exit mobile version